মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে গৰজি উঠিল তিৱা জাতীয় ঐক্য মঞ্চ

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে গৰজি উঠিল তিৱা জাতীয় ঐক্য মঞ্চ

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

মৰিগাঁও বিজেপি দলৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা জাতীয় ঐক্য মঞ্চক পঞ্চায়তৰ নিৰ্বাচনী সভাসমূহত সমালোচনাৰ নামত  অশ্লীল মন্তব্য কৰাক লৈ গৰজি উঠিছে তিৱা জাতীয় ঐক্য মঞ্চৰ লগতে অন্য ৫ তিৱা জাতীয় সংগঠন ।

বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰা তিৱা জাতীয় সংগঠনসমূহে আজি মৰিগাঁও নগৰৰ পুলিচ পইণ্টৰ সন্মুখত বিধায়ক দেউৰীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মৰিগাঁৱৰ ৰাজনীতি অধিক গৰম কৰি তোলে ।

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে গৰজি উঠিল তিৱা জাতীয় ঐক্য মঞ্চ

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলে নিজা নিজা দৃষ্টিভংগীৰে নিৰ্বাচনী প্ৰচাৰ ব্যাপক কৰি তুলিছে যদিও বিধায়ক দেউৰীয়ে অতি নিকৃষ্ট শব্দ প্ৰয়োগেৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে তিৱা জাতীয় ঐক্য মঞ্চক ।

এই সন্দৰ্ভত আজি একাংশ সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাত বিধায়ক দেউৰীৰ বিৰুদ্ধে গৰজি উঠে তিৱা জাতীয় সংগঠনসমূহ । তিৱা জাতীয় ঐক্য মঞ্চ, সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ-ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি আৰু সদৌ তিৱা মহিলা সন্থাৰ প্ৰায় শতাধিক কৰ্মীয়ে বিধায়ক দেউৰীৰ অতি নিকৃষ্ট ৰাজনীতিক প্ৰতিবাদ জনাই প্ৰতিমূৰ্তি দাহ কৰে ।

তিৱা জাতীয় ঐক্য মঞ্চৰ সভাপতি অনিল ফামজং, সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন মছৰং, তিৱা যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰী, তিৱা সুৰক্ষা সমিতিৰ সম্পাদক চিজয় দেউৰী আৰু সদৌ তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমণি ডেকাৰজাই এক প্ৰেছ টোকাত কয়- বিভিন্ন অপৰ্কমত লিপ্ত হৈ অহা বিধায়ক ৰমাকান্ত দেউৰী কোনো দিনেই তিৱা জাতীয় সংগ্ৰামত জড়িত নাছিল ।

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে গৰজি উঠিল তিৱা জাতীয় ঐক্য মঞ্চ

তিৱা জাতীয় ঐক্য মঞ্চ গঠনৰ সময়ত তেওঁ আলেঙে আলেঙে থাকি সুবিধাৰ ক্ষণ গণি আছিল । সুবিধা বুজি হঠাতে ধুমকেতুৰ দৰে আহি নিজকে তিৱা জাতিৰ কাণ্ডাৰী বুলি জহাই ফুৰিছে ।

এই লম্পট ৰমাকান্ত দেউৰী পূৰ্বে এগৰাকী কংগ্ৰেছ সদস্য হিচাপে তিৱা স্বায়ত্ত পৰিষদত লুটপাত চলোৱাৰ পাছত জাতীয়তাবাদীৰ ভাও ধৰি তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ একেকোবে বিজেপিলৈ দল বাগৰি বৰ্তমান বিধায়ক হৈছে ।

তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ থকা সময়ত ব্যাপক দুৰ্নীতি কৰি সোঁৱে-বাঁৱে ধন ঘটি ৰাইজৰ উন্নয়নৰ প্ৰতি পিঠি দি পৰিয়ালটোক চহকী কৰা ৰমাকান্ত দেউৰী পূৰ্বে এগৰাকী চুলাই মদৰ বেপাৰীহে আছিল ।

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ থকাৰ সময়ত জোঙাল বলহু প্ৰতিমূৰ্তি নিৰ্মাণ, জোনবিল উন্নয়ন, জিৰণি চ'ৰা নিৰ্মাণ আৰু ৰাস্তা-ঘাট নিৰ্মাণ আদি আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছিল ।

তিৱা স্বায়ত্ত পৰিষদত দুৰ্নীতি কৰা ধনেৰে বহুকেইগৰাকী উপ-পত্নী তেওঁ ৰখাৰ কথা মৰিগাঁৱৰ ৰাইজে ভালদৰে জানে । তেওঁ এইবিলাক অপকৰ্মৰ কথা ইতিমধ্যে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে ।

তৎসত্ত্বেও এই নিধক ব্যক্তিজনে বিজেপি দলৰ সমৰ্থনত ৰাইজৰ মাজত মুখ দেখুৱাই ভোট ভিক্ষা কৰি ফুৰিছে । উল্লেখ্য যে এইজন লম্পট চৰিত্ৰৰ ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনৰ সময়ত ১২ টকাতে জনজাতি ৰাইজৰ ভোট কিনিব পৰা যায় বুলিও সমগ্ৰ তিৱা জাতিটোকে সভ্য সমাজৰ আগত হেয় প্ৰতিপন্ন কৰিছে ।

সভ্য সমাজৰ কলংক চৰিত্ৰহীন, লম্পট বিধায়ক ৰমাকান্ত দেউৰীক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শীঘ্ৰে বিধায়ক পদ খাৰিজ কৰিবলৈ তিৱা জাতীয় ঐক্য মঞ্চ আৰু তিৱা জাতীয় সংগঠনসমূহে দাবী জনাইছে ।

ইফালে একেটা প্ৰেছ টোকাতে পঞ্চায়ত নিৰ্বাচনত তিৱা জাতীয় ঐক্য মঞ্চই আঞ্চলিক দল অগপ আৰু বিজেপিক অঞ্চলভেদে সমৰ্থন জনোৱা হৈছিল যদিও সেই স্থিতি পুনৰ বিবেচনা কৰা হ'ব বুলি উল্লেখ কৰে ।

তাৎপৰ্যপূৰ্ণ যে মধ্য অসমৰ শক্তিশালী জনগোষ্ঠীয় ৰাজনৈতিক মঞ্চ তিৱা জাতীয় ঐক্য মঞ্চৰ শেহতীয়া স্থিতিয়ে অহা ৩০ নৱেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিগাঁও ভুৰবন্ধাত চলাবলগীয়া নিৰ্বাচনী প্ৰচাৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।

Your Comments