নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচন সূচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে নগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ ইয়াৰ অংশস্বৰূপে আজি নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ লগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।
সভাত জিলা উপায়ুক্তগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ সহযোগিতা কামনা কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি আৰু ব্যয় সীমাৰ ওপৰত নজৰ দিবলৈ পৰামৰ্শ দিয়ে ।
জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰাই জানিবলৈ দিয়ে যে প'লিং এজেণ্টসকলৰ বাবে পোষ্টেল বেলটৰ ব্যবস্থা কৰা হৈছে । সভাত নগাঁও জিলাৰ নিৰ্বাচনী পৰ্যবেক্ষক মুনিন্দ্ৰ শৰ্মা আৰু তনুজা ভূঞাই অংশগ্ৰহণ কৰে ।
সভাত অতিৰিক্ত উপায়ুক্ত ক্ৰমে- জয়ন্ত কুমাৰ বৰা, লাচিত কুমাৰ দাস, সুষমা হাজৰিকা, সত্যজিৎ চেতিয়া আদি উপস্থিত থাকে । আনহাতে, পঞ্চায়ত নিৰ্বাচনৰ সময়ত জিলাখনত আইন-শৃংখলা অটুট ৰাখিবৰ বাবে নগাঁও জিলা দণ্ডাধিশে এক নিৰ্দেশনা জাৰি কৰিছে ।
এই অনুসৰি নগাঁও জিলা আৰক্ষী অধীক্ষকে অনুজ্ঞাপত্র থকা সকলো মাৰণাস্ত্ৰ নিৰ্দিষ্ট এলেকাৰ আৰক্ষী থানাসমূহত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল নিদিয়ালৈকে জমা ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে ।
তদুপৰি, স্থানীয় চক্ৰ আৰক্ষী বিষয়াসকলক নিজ নিজ এলেকাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে |
- Log in to post comments
- 4 views