সোণাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত গণ সত্যাগ্ৰহ

সোণাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত গণ সত্যাগ্ৰহ

সোণাৰিৰ পৰা ঘন বৰা

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত জিলাখনৰ ১৭টাৰো অধিক দল-সংগঠনে ৰূপায়ণ কৰে গণ সত্যাগ্ৰহ কাৰ্যসূচী ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আজি ৰূপায়ণ কৰা কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰাৰ লগতে আগন্তুক পঞ্চায়ত নিবাৰ্চনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃবৃন্দই ।

সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত এক প্ৰতিবাদী সমদল কৰি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান তথা প্ৰতিবাদী সভা অনুষ্ঠিত কৰি শীঘ্ৰে জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবী জনায় প্ৰতিবাদী জনতাই ।

Your Comments