নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও জিলাত অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । সুকলমে পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰা আৰু নিৰ্বাচনৰ সময়ছোৱাত সমগ্ৰ কাম-কাজ পৰ্যবেক্ষণৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগে জিলাখনত ইতিমধ্যে দুগৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে ।
নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সাংবাদিকক জানিবলৈ দিয়ে যে নগাঁও আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত মুঠ ২৯টা জিলা পৰিষদ সমষ্টিত মুঠ ৮৬গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
আনহাতে, নগাঁও আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত মুঠ ১৭২টা গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য পদত ক্ৰমে ৫২৩গৰাকী, ৪৭১গৰাকী প্ৰাৰ্থীৰ লগতে মুঠ ১,৭২০ পঞ্চায়ত সদস্য পদৰ বিপৰীতে ৪,০২৩গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । উল্লেখ্য যে জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তৰ অন্তৰ্গত মুঠ ৩৩গৰাকী পঞ্চায়ত সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে ।
ইপিনে, জিলাখনত মুঠ ১,৮১১টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ৯৫৮টা স্পৰ্শকাতৰ আৰু ২২৬টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে । এইবাৰৰ নিৰ্বাচনত মুঠ ৯৫,০২৫১জন ভোটাৰে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৪,৮৮,১০৭ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪,৬২,১৪৪জন ।
ইপিনে, পঞ্চায়ত নিৰ্বাচনৰ কামৰ বাবে নগাঁও জিলা প্ৰশাসনে ১৫৪খন ডাঙৰ আল্ট্ৰা বাছ, ১০৯খন ৭০৯ বাছ, ছয়চকীয়া ট্ৰেভেলাৰ ৯৬খন, চাৰিচকীয়া ট্ৰেভেলাৰ ৯৯খন, মেজিক/মেস্কিমো ১৩২খন, এল এম ভি ১১১খনসহ সৰ্বমুঠ ৭০১খন যান-বাহন অধিগ্ৰহণ কৰিছে । তদুপৰি, জৰুৰী সেৱাৰ বাবেও ৪০০খন মেজিক/মেস্কিমো ৰখাৰো ব্যৱস্থা কৰিছে ।
আনহাতে, নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে ১,৫০৩টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰয়োজন ৭,৫১৫জন ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰীৰ । জিলাখনত ইয়াৰ বাবে ৮,২৬৫জন কৰ্মচাৰীক নিয়োগ কৰা হৈছে । ৰিজাৰ্ভ প'লিং পাৰ্ছনেল হিচাপে ৰখা হৈছে ৭৫০জন কৰ্মচাৰীক । আশ্চৰ্যজনকভাৱে নগাঁও জিলা প্ৰশাসনে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ নিৰ্দেশকো অংগুষ্ঠ প্ৰদৰ্শন কৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলাখনৰ বিভিন্ন এন আৰ চি সেৱা কেন্দ্ৰত নিয়োজিত হৈ থকা ১,৫৯২জন বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে ।
সংবাদমেলখনত জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধীয়ে কয় যে আগন্তুক পঞ্চায়তৰ বাবে জিলাখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । জিলাখনত নিৰাপত্তাৰ দিশটো চোৱাচিতাৰ বাবে ৭টা মণ্ডলনত বিভক্ত কৰি কে'বাটাও ফ্লায়িং স্কোৱাডে দণ্ডাধীশৰ সহায়ত অনবৰতে পহৰাৰ ব্যৱস্থা কৰিব ।
জিলাখনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত দুজনকৈ আৰক্ষীৰ লোক নিয়োজিত কৰা হ'ব বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ইয়াৰ বাবে গৃহৰক্ষী বাহিনীৰ লোকসহ তিনি সহস্ৰাধিক আৰক্ষীৰ লোক নিয়োজিত কৰা হ'ব । জিলাখনত উদ্ভৱ হ'ব পৰা সমগ্ৰ আইন-শৃংখলা পৰিস্থিতি মোকাবিলা কৰিবলৈ ইতিমধ্যে অতিৰিক্ত ১০টা নিৰাপত্তা বাহিনীৰ কোম্পানী বিচৰা হৈছে ।
প্ৰসংগক্ৰমে তেওঁ যুৱ-প্ৰজন্মক নিৰ্বাচনৰ সময়ছোৱাত কোনো কাৰণতে আবেগিক নহ'বলৈ আহ্বান জনায় । সংবাদমেলখনত জিলাখনত নিয়োজিত নিৰ্বাচনী পৰ্যবেক্ষক মুনীন্দ্ৰ শৰ্মা আৰু অনুজা ভুঞা, সহকাৰী আয়ুক্ত সঞ্জীৱ তিৱাৰী, অতিৰিক্ত উপায়ুক্ত উপায়ুক্ত ক্ৰমে জয়ন্ত কুমাৰ বৰা, লাচিত দাস, সুষ্মা হাজৰিকা, জিলা জনসংযোগ বিষয়া সমৰ কলিতা আদি উপস্থিত থাকে ।
- Log in to post comments
- 22 views