বিজেপি কৰ্মীৰ পৰাই মুখথেকেচা মুখ্য মন্ত্ৰীৰ : বিসম্বাদীলৈ শেষ সকীয়নি

বিজেপি কৰ্মীৰ পৰাই মুখথেকেচা মুখ্য মন্ত্ৰীৰ : বিসম্বাদীলৈ শেষ সকীয়নি

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

খোদ বিজেপি দলৰ একাংশ নেতা-কৰ্মীৰ পৰাই দেওবাৰে মাজুলীত মুখথেকেচা খালে স্বয়ং মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উল্লেখ্য যে অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে একাংশ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকট আশা কৰিছিল যদিও দলটোৱে গণশক্তিৰ সৈতে মিত্ৰতা কৰাত টিকট লাভৰ পৰা বঞ্চিত হয় ।

বিশেষকৈ গাঁও পঞ্চায়ত সভাপতি পদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ক্ৰমে জেংৰাইৰ দেবেশ্বৰী দলে পেগু, চেৰপাইত ৰমেন কুটুম, ৰতনপুৰ মিৰিত বিনীতা পেগু আদিকে ধৰি বিভিন্ন ৱাৰ্ডৰ সদস্য পদত নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াই দলটোৰ সিদ্ধান্ত তথা দলীয় বিসম্বাদত জড়িত হৈছে ।

বিষয়টোৰ ওপৰত বিজেপিৰ ৰাজ্যিক সমিতিৰ লগতে মাজুলীৰ স্হানীয় বিধায়ক তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি দেওবাৰে এদিনীয়া ভ্ৰমণসূচী লৈ মাজুলীত উপস্থিত হৈ মাজুলীৰ ২০খন গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়ত সদস্য, জিলা পৰিষদ আৰু ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীসকলৰ সৈতে এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে বিজেপি দলৰ ভিতৰত থাকি নিৰ্দলীয় প্ৰাৰ্থীৰে দলীয় বিসম্বাদ কৰা লোকৰ সৈতে গড়মূৰত মুখ্য মন্ত্ৰীগৰাকীয়ে এক সভাত মিলিত হয় ।

এই সভাত জেংৰাই, চেৰপাই, ৰতনপুৰ মিৰি আদি বিভিন্ন গাঁও পঞ্চায়তৰ বিভিন্ন পদত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ বাবে বুজনি দিয়ে যদিও কোনো সঁহাৰি লাভ নকৰিলে মুখ্য মন্ত্ৰী সোণোৱালে ।

এই বুজনিত কোনো এজনে সন্মান নজনোৱাত স্বাভাৱিকতে মুখ্য মন্ত্ৰী সোণোৱাল ক্ষুণ্ণ হৈ 'যি কৰে কৰি থাক' বুলি বিসম্বাদীসকলক ধমক দিয়া বুলি দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

ইয়াৰ লগে লগে উজনি মাজুলীৰ জেংৰাই, চেৰপাই, ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ লগতে দুয়ো মিত্ৰদল বিজেপি-গণশক্তি দললৈ ভাবুকি আহিছে ।

উল্লেখ্য যে বিজেপি দলৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতাৰে বিসম্বাদ কৰা দেবেশ্বৰী দলে পেগু, ৰমেন কুটুম, বিনীতা পেগু আদিকে ধৰি বিভিন্ন বিসম্বাদী লোকৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ বাবে যোৱা ২৩ নৱেম্বৰত মুখ্য মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কাশ্যপ প্ৰকাশে অনুৰোধ জনাইছিল ।

ইয়াৰ পিছত পুনৰ যোৱা ২৪ নৱেম্বৰত মাজদেউৰীত মুখ্য মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কাশ্যপ প্ৰকাশ, বিধায়ক ডঃ ৰণোজ পেগু, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নীলকান্ত দলেৰ সৈতে বিসম্বাদীৰ হৈ হৰিপ্ৰসাদ পেগু (কনিষ্ঠ), গংগা প্ৰসাদ পেগু, দেৱৰাম পেগু আদিকে ধৰি বহুগৰাকী নেতা-কৰ্মীয়ে আলোচনাত অংশগ্ৰহণ কৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ আশ্বাস দিছিল ।

Your Comments