কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া পোহৰলৈ আহিছে একাংশ পঞ্চায়ত প্ৰতিনিধিৰ কু-কীৰ্তি । গোহালিৰ দামুৰি বিক্ৰী কৰি ধন দিয়াৰ পাছতো হিতাধিকাৰীয়ে নাপালে চৰকাৰী ঘৰ ।
স্বয়ং মন্ত্ৰী কেশৱ মহন্তৰ গৃহ পঞ্চায়তত পোহৰলৈ আহিছে এই তথ্য । কলিয়াবৰ মহকুমাৰ পূব পূবথৰীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মমী বৰুৱাই তেওঁৰ কাৰ্যকালত বহুকেইগৰাকী দৰিদ্ৰ লোকক চৰকাৰী আৱাস গৃহ দিয়াৰ নামত ২ হাজাৰৰ পৰা ৫ হাজাৰ টকা হিতাধিকাৰীৰৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে বিষয়টোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰাত এতিয়া শংকিত হৈ পৰিছে অগপ শিবিৰ ।
অঞ্চল বিশেষে অগপ দলৰ প্ৰাৰ্থীয়ে এইবাৰ ভোট বিচাৰি গ'লে ৰাইজৰ ৰোষত পৰিব বুলিও সকীয়াই দিয়ে ক্ষোভিত লোকসকলে । অগপ দলৰ সমৰ্থিত প্ৰাক্তন সভাপতি মমী বৰুৱাই পঞ্চায়তটোৰ অন্তৰ্গত লীলা মহন্ত, খগেন ভড়ালী, নিলমণি খাউণ্ড, অজিত গোঁহাইকে ধৰি ভালেকেইগৰাকী লোকৰ পৰা ঘৰ দিয়াৰ নামত আদায় লৈছিল নগদ ধন । কিন্তু আজি পৰ্যন্ত এওঁলোকে লাভ নকৰিলে চৰকাৰী ঘৰ ।
ছবিত দেখা ঘৰটো প্ৰত্যক্ষ কৰিলেই অনুমান কৰিব পাৰিব পঞ্চায়তটোত ঘৰ দিয়াৰ নামত সংঘটিত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ সত্যতা । দাবী কৰা ১০ হাজাৰ টকাৰ ২ হাজাৰ টকা উৎকোচ দিয়াৰ পাছতো এওঁ নাপালে এটা চৰকাৰী ঘৰ ।
পঞ্চায়তৰ বিভিন্ন আঁচনিৰ ধন হৰলুকি কৰি নিজৰ উন্নয়ন কৰা প্ৰাক্তন সভাপতি মমী বৰুৱাৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে এইসকল বঞ্চিত হিতাধিকাৰী । ইয়াকে লৈ এতিয়া কঁপনি উঠিছে কলিয়াবৰ জিলা অগপ শিবিৰত ।
- Log in to post comments
- 52 views