মৰিগাঁৱৰ পৰা জিতুমনি নাথ
পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ৰাজনৈতিক গৰম বতাহ চলি থকাৰ মাজতেই আজি মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিশেষকৈ বিজেপিৰ ৰাজ্যিক নেতা তথা সাংগঠনিক সম্পাদক ফণী শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা মৰিগাঁও বিজেপিৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা ৰূপম গোস্বামীৰ সন্মুখতে সংঘটিত এই উত্তেজনাক লৈ বিজেপি দলৰ নেতা-কৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
মৰিগাঁও জিলা বিজেপিৰ সভাপতি ধৰণীধৰ বৰদলৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিৰ প্ৰাৰ্থীসকলৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি । জিলা বিজেপিৰ সভাপতি ধৰণীধৰ বৰদলৈৰ উপস্থিতিত বিজেপিৰ দুই ৰাজ্যিক নেতা ফণী শৰ্মা আৰু ৰূপম গোস্বামীৰ সন্মুখতে মৰিগাঁও বিধানসভাৰ তিনিটা মণ্ডলৰ সভাপতিয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি দলৰ প্ৰাৰ্থীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তোলাই নহয় দুয়োজন বিজেপি নেতাক মণ্ডল সভাপতিকেইজনে লিখিত অভিযোগ দাখিল কৰাত বিজেপিৰ দুই ৰাজ্যিক নেতাৰ ককৰ্থনাৰ সন্মুখীন হ'বলগাত পৰে জিলা সভাপতি ধৰণীধৰ বৰদলৈ ।
মণ্ডল সভাপতিসকলৰ অভিযোগ- বিজেপি দলে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকললৈ আগবাঢ়োৱা সাহায্যৰ ধন বিতৰণত ব্যাপক অনিয়ম সংঘটিত কৰিছে । বিজেপি মণ্ডল সভাপতিকেইজনৰ অভিযোগ শুনি দুই ৰাজ্যিক বিজেপি নেতাই জিলা সভাপতি ধৰণীধৰ বৰদলৈক কোন প্ৰাৰ্থীক কিমান ধন আদায় দিয়া হৈছে বুলি জানিব বিচৰাত জিলা সভাপতি বৰদলৈয়ে জিলা পৰিষদৰ প্ৰাৰ্থীক ৫০ হাজাৰ টকা, গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্যসকলক ১৫ হাজাৰ টকা আৰু ৱাৰ্ড সদস্যসকলক ২ হাজাৰ টকাকৈ দিয়া হৈছে বুলি জনায় ।
সভাপতিৰ মন্তব্য শুনি হতভম্ব হৈ পৰা দুই ৰাজ্যিক নেতাই কয়- প্ৰাৰ্থীসকলৰ মাজত আপুনি ধনসমূহ সঠিকভাৱে বিতৰণ নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক । দলৰ সভাপতি হিচাপে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিবলৈ নিৰ্দেশনা দি প্ৰাৰ্থীসকলৰ অনাদায় ধন শীঘ্ৰেই বিতৰণ কৰিবলৈ কয় ।
উল্লেখ্য যে বিজেপি দলে জিলা পৰিষদৰ প্ৰাৰ্থীৰ বাবে ১ লাখ টকা, গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্যসকলৰ বাবে ২৫ হাজাৰ টকা আৰু ৱাৰ্ড সদস্যসকলৰ বাবে ২৫০০ টকা সাহায্য প্ৰদান কৰিছে ৷ মৰিগাঁও জিলা বিজেপিৰ সভাপতি ধৰণীধৰ বৰদলৈৰ ধন আত্মসাতৰ গোপন অভিসন্ধি তৃণমূল কৰ্মীসকলৰ মাজত ফাদিল হৈ পৰাত দলটোৰ নেতা-কৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
- Log in to post comments
- 11 views