পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবেই সোণাৰিত কদৰ্যময় পথ 

a

সোণাৰিৰ পৰা ঘন বৰা

পৌৰসভাৰ অকৰ্মন্যতাৰ বাবে কিমান দিন দুৰ্গন্ধত থাকিব লাগিব পৌৰসভাৰ নাগৰিক । ১০৬নং সোণাৰি বিধানসভা সমষ্টিৰ মন্ত্ৰী তপন কুমাৰ গগৈৰ সদৰ সোণাৰি নগৰ দুৰ্গন্ধত নাকত সোপাদি পাৰ হ'ব লগা হয় ছাত্র-ছাত্ৰীৰ লগতে জনসাধাৰণ । পৌৰসভাৰ কৰ্তৃপক্ষৰ অকৰ্মন্যতাৰ বাবে ক্ষুব্ধ হৈছে স্থানীয় কৰদতা ৰাইজ ।

এই পথটো হৈছে নামতোলা হৈ মন জিলালৈ যোৱা পথ, এই আৱৰ্জনাখিনিলৈ কাষতে লাগি আছে প্ৰধানমন্ত্ৰী কুশল কেন্দ্ৰ, এই কেন্দ্ৰটোলৈ পাঠ দান কৰিবলৈ বিভিন্ন ছাত্র-ছাত্ৰী আহে পাঠদান কৰিবলৈ, কিন্তু পাঠদানৰ পৰা বিৰত থাকিবলগীয়া হয় দুৰ্গোন্ধময় জাৱৰখিনিৰ পৰা আৰু ওচৰতে আছে অ'টৰিক্সা আস্থান এতিয়া কথা হ'ল কি কাৰণত লেতেৰা জাৱৰখিনি নগৰখনৰ মাজমজিয়াত পেলালে আৰু জাৱৰখিনি পেলাবলৈ কোনে অনুমতি দিলে । এয়াই হৈছে স্বচ্ছতাৰ নামত চলা প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান ।

সোণাৰিৰ পৌৰসভা কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰিছে ৰাইজৰ লগতে দল-সংগঠনে । এতিয়া পৌৰবাসীয়ে জাৱৰ পেলাবলৈ উপযুক্ত স্থানৰ অভাৱ ঘটিছে । পৌৰ নেত্ৰীৰ কৰ্ম কাৰ্যৰ বাবেই সোণাৰিবাসী ৰাইজে ভূগিব লগাত পৰিছে এতিয়া নানান বেমাৰত । পৌৰনেত্ৰীৰ কাণসাৰ নাই নিজৰ নগৰখনলৈ । ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ । পৌৰসভা কৰ্তৃপক্ষৰ অকৰ্মন্যতাৰ বাবেই তাৰ প্ৰতিফল এতিয়া পৌৰবাসীয়ে ভোগ কৰিব লাগিব বুলি ৰাইজে অভিযোগ কৰে ।

Your Comments