ৰহাত প্ৰাৰ্থিত্বক লৈ অসন্তুষ্ট কংগ্ৰেছ-বিজেপিৰ একাংশ নেতা-কৰ্মী 

ৰহাত প্ৰাৰ্থিত্বক লৈ অসন্তুষ্ট কংগ্ৰেছ-বিজেপিৰ একাংশ নেতা-কৰ্মী 

অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্বক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত একাংশ নেতা/কৰ্মীৰ ক্ষোভৰ উদ্‌গীৰণ ঘটাৰ সমান্তৰালকৈ ৰহা সমষ্টিতো তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

সমষ্টিটোত অগপৰ প্ৰাৰ্থিত্বক লৈ বিশেষ অসন্তুষ্টিৰ সৃষ্টি নহ’লেও কংগ্ৰেছ আৰু বিজেপিৰ টিকট বঞ্চিত একাংশৰ মাজত এই অসন্তুষ্টি ব্যাপক হাৰত পৰিলক্ষিত হৈছে ৷

বিজেপি দলৰ একাংশ অসন্তুষ্ট নেতা-কৰ্মীৰ অভিযোগ অনুসৰি সমষ্টিটোত পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী নিৰ্বাচনত বহু পুৰণি নিষ্ঠাৱান নেতা-কৰ্মীক আওকাণ কৰি নতুন মুখৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷

আনহাতেদি, প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীক গুৰুত্ব প্ৰদান নকৰি জিলা আৰু দলীয় শীৰ্ষ নেতাৰ কথাকহে গুৰুত্ব দিয়া বুলি অভিযোগ উঠিছে ৷

এই ক্ষেত্ৰত নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই আৰু ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসকো দলৰ একাংশ বঞ্চিত প্ৰাৰ্থীয়ে সমালোচনা কৰিছে ৷ ইপিনে কংগ্ৰেছ দলতো এইবাৰ নিকা ভাবমূৰ্তিৰ নতুন মুখৰ সলনি পূৰ্বৰ বহু দুৰ্নীতিগ্ৰস্ত নেতাকে প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষোভৰ উদ্‌গীৰণ ঘটিছে একাংশৰ নেতা/কৰ্মীৰ মাজত ৷

পূৰ্বে জনপ্ৰতিনিধি হিচাপে সোৱাদ লাভ কৰা প্ৰাৰ্থীয়ে শীৰ্ষ মহলক মেনেজ কৰি প্ৰাৰ্থিত্ব আদায় কৰাৰো অভিযোগ উঠিছে ৷ এনে পৰিস্থিতিত দল দুটাৰ একাংশ নেতা-কৰ্মীৰ মাজত অন্তঃকলহে দেখা দিছে ৷

যাৰবাবে দুয়োটা দলতে একাংশ নেতা-কৰ্মী আৰু বঞ্চিত প্ৰাৰ্থীসকলৰ একাংশই সমৰ্থকসহ নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে চিপৰাং মৰা ৰাজনীতি কৰাৰ বাবেও সাজু হোৱা বুলি জানিব পৰা গৈছে ৷

দলৰ ৰোষত পৰাৰ ভয়ত বহুতেই প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা নকৰিলেও ভিতৰি ভিতৰি জ্বলি থকা ক্ষোভৰ অগনি উপশম ঘটাব নোৱাৰিলে দল দুটাৰ বহুকেইজন বিজয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েও শ'লঠেকত পৰাটো নিশ্চিত ৷

 

Your Comments