মূল্য ১৮ কোটি ! প্ৰিয়ংকা-নিকৰ বিবাহৰ ফটোৰ স্বত্ব ক্ৰয় আগশাৰীৰ আলোচনীৰ

মূল্য ১৮ কোটি ! প্ৰিয়ংকা-নিকৰ বিবাহৰ ফটোৰ স্বত্ব ক্ৰয় আগশাৰীৰ আলোচনীৰ

বহু প্ৰতীক্ষিত এখন বিয়া । দিন-বাৰ এতিয়াও ধাৰ্য হোৱা নাই । কিন্তু বিয়াখনক লৈ চৰ্চা ইতিমধ্যে তুংগত উঠিছে । সম্ভাৱ্য বিয়াখনৰ ফটোসমূহৰ স্বত্ব‌ও ইতিমধ্যে বিক্ৰী হৈছে বৃহৎ মূল্যৰ বিনিময়ত ।

মূল্য ১৮ কোটি ! প্ৰিয়ংকা-নিকৰ বিবাহৰ ফটোৰ স্বত্ব ক্ৰয় আগশাৰীৰ আলোচনীৰ

হয়, প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ কথাই কোৱা হৈছে । বলীউড তাৰকা প্ৰিয়ংকা আৰু আমেৰিকান গায়ক নিক সম্প্ৰতি সমগ্র বিশ্বৰে এক জনপ্ৰিয় যুটি । তথ্য অনুসৰি, প্ৰিয়ংকা আৰু নিকৰ বিবাহৰ ফটোসমূহৰ স্বত্ব এখন আন্তৰ্জাতিক আলোচনীয়ে ক্ৰয় কৰিছে ২.৫ মিলিয়ন মাৰ্কিন ডলাৰত ।

মূল্য ১৮ কোটি ! প্ৰিয়ংকা-নিকৰ বিবাহৰ ফটোৰ স্বত্ব ক্ৰয় আগশাৰীৰ আলোচনীৰ

ভাৰতীয় মুদ্ৰাৰ হিচাবত এই মূল্য ১৮ কোটি টকা । দুয়ো যোধপুৰত বিবাহপাশত আবদ্ধ হোৱাৰ কথা । বিয়াৰ সম্ভাৱ্য তাৰিখ ২ ডিচেম্বৰ, অৱশ্যে তাৰিখটো এতিয়াও খাটাং নহয় ।

যোৱা আগষ্ট মাহত মুম্বাইত দুয়োৰে ৰোকা অনুষ্ঠান সম্পন্ন হৈছিল । সেই অনুষ্ঠান সমগ্র বিশ্বজুৰি চৰ্চিত হৈছিল ।

Your Comments