সংক্ষিপ্ত খবৰ

GlObe

● আজিৰেপৰা মটৰ পৰিবহন কংগ্ৰেছৰ দেশজুৰি চকা বন্ধৰ আহ্বান। অসমতো বন্ধ থাকিব বাণিজ্যিক বাহৰ চলাচল। 

● বৃহস্পতিবাৰে অসমত পাৰাস্তম্ভ‌ই স্পৰ্শ কৰে ৩৯.৮ ডিগ্ৰী চেলছিয়াছ। গুৱাহাটীত ৩৮ ডিগ্ৰী, ডিব্ৰুগড়ত ৩৭.৪ ডিগ্ৰী।

● ১৯৮৯ আৰু ১৯৯১ ৰপৰা ২০০১ চনলৈ অবৈধ শিক্ষক নিযুক্তিৰ অভিযোগ চৰকাৰৰ। ৯২৩৬ গৰাকী শিক্ষকলৈ শ্ব'কজ জাৰি।

● কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী-ভয়ংকৰ খৰাঙৰ কবলত পৰিব অসম। ৰাজ্যখনত চলিত বৰ্ষত ২৩% বৰষুণ হ্ৰাস।

● ৰহাৰ টোলগে'টত চৰকাৰে ছিণ্ডিকেটৰাজ চলোৱাৰ অভিযোগ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ। লঘু যান-বাহনত ৪৮ টকাৰ ঠাইত ১০০ টকা, বাণিজ্যিক লঘু বাহনত ৭৭ টকাৰ পৰিৱৰ্তে ১৬০ টকাকৈ সংগ্ৰহ।

● মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী। মটক যুৱ-ছাত্ৰ সন্মিলনৰ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী আৰম্ভ।

● শীঘ্ৰে বজাৰলৈ আহিব নতুন এটকীয়া নোট। ভাৰতৰ বৰ্ণময় সংস্কৃতিৰ প্ৰতিফলন ঘটিব নোটখনত।

● এন আৰ চিৰ পৰা ভাৰতীয়ৰ নাম কৰ্তনৰ অভিযোগ কংগ্ৰেছৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ৰিপুণ বৰাৰ পত্ৰ।

● লোকসভাত সাংসদ সুস্মিতা দেৱৰ অভিযোগ-অসমত এন আৰ চি কৰ্তৃপক্ষই প্ৰতি মুহূৰ্তত নতুন নিয়ম উলিয়াইছে। সঘনাই গ'ল পোষ্ট সলনি হৈছে এন আৰ চিৰ।

● নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পত অঘটন। নিৰ্মাণ সম্পূৰ্ণ নৌহ‌ওঁতেই হালি পৰিছে গেছ টাৰ্বাইন জেনেৰেচন ভৱনৰ মূধচ।

● অসমত অপহৰণ-হিংসাত্মক ঘটনাৰ উদ্বেগজনক বৃদ্ধি। সংসদীয় স্থায়ী কমিটিৰ প্ৰতিবেদন মতে ৮১% মহিলাৰ ওপৰত সংঘটিত হৈছে এনে ঘটনা।

● হিমা দাসক অলিম্পিকলৈ সাজু কৰক-চৰকাৰক আহ্বান আলফা নেতা অনুপ চেতিয়াৰ।

● অপৰাধস্থলীত পৰিণত গুৱাহাটী ৰে'লৱে ষ্টেচন। কমিচনৰ অংকত মৌন আৰক্ষী-ৰেল সুৰক্ষা বাহিনী।

Your Comments