কৰ্ণাটকৰ শাসনাধিষ্ঠিত কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ বাবে দীপাৱলীৰ বোনাছ ৷ ৰাজ্যখনত অনুষ্ঠিত উপ-নিৰ্বাচনত লোকসভাৰ ২খন আৰু বিধানসভাৰ ২খন আসনত জয়লাভ কৰিছে কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটে ৷
উল্লেখনীয়ভাৱে এই উপ-নিৰ্বাচনৰ ফলাফলে আগন্তুক বৰ্ষত অনুষ্ঠিত হ'বলগীয়া লোকসভাৰ নিৰ্বাচনত দুয়োটা দলৰ মিত্ৰতাৰ এক শুভ ইংগিত বহন কৰিছে ৷
আনহাতে, ৰাজনৈতিক বিশ্লেষকসকলে এই উপ-নিৰ্বাচনৰ ফলাফলক ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ বাবে এক শুভ সংকেত বুলি প্ৰকাশ কৰাৰ উপৰি আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব বুলিও উল্লেখ কৰিছে ৷
উল্লেখ্য যে ৰাজ্যখনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ৫খন আসনৰ ভিতৰত মাত্ৰ এখন লোকসভাৰ আসনতহে বিজেপিয়ে জয়ী হ'বলৈ সক্ষম হয় ৷ কৰ্ণাটকৰ উপ-নিৰ্বাচনত মুখথেকেচা খোৱাৰ পিছত সমাগত লোকসভাৰ বাবে বিজেপিয়ে এতিয়া কেনেধৰণৰ ৰণকৌশল গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷
- Log in to post comments
- 11 views