ৰহাৰ গুইমাৰিত ক'লা ধানৰ খেতিৰে আদৰ্শ সৃষ্টি যুৱ কৃষক প্ৰশান্ত ৰাজবংশীৰ

aa

সোণগুটিৰ পথাৰত ৰিবৰিব মলয়াত হালি জালি নাছিছে লাহি-শালি ধানৰ ঠোক ৷ পকা ধানে ৰিঙিয়াই মাতিছে দাৱনিক৷ আহিছে হেপাহৰ আঘোন ৷ আনিছে চহা খেতিয়কৰ অযুত আশাৰ সম্ভাৱনা ৷ ইয়াৰ মাজতে ৰহাৰ গুইমাৰিত (Black Rice) অৰ্থাত ক’লা ধানৰ খেতি কৰি অন্য এক আশাৰ বতৰা কঢ়িয়াইছে এজন যুৱ খেতিয়কে ৷

এই যুৱ খেতিয়কজনৰ নাম প্ৰশান্ত ৰাজবংশী৷ টেলিভিছনত দেখা পালে ক’লা ধানৰ খেতিৰ কথা ৷ চিকিৎসা বিজ্ঞানৰ মতে বহু ঔষধি গুণ থকা এই বিধ ক’লা ধানে কেন্সাৰ, কলেষ্টৰেল আদি বহু ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷ ধান বিধৰ প্ৰতি আকৰ্ষণ বাঢ়িল প্ৰশান্তৰ আৰু সংগ্ৰহ কৰি আনিলে ধানৰ বীজ প্ৰতি কেজিত প্ৰায় ৪০০টকাকৈ আৰু পৰীক্ষামূলকভাৱে প্ৰায় ২বিঘা মাটিত কৰিছে এই ধানৰ খেতি ৷ আশা কৰা মতেই এইয়া ফচল পাইছে   প্ৰশান্তই ৷

কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই যুৱ খেতিয়কজনে ৷ আনকি পানী যোগানৰো কোনো ব্যৱস্থা নাই ৷ কৃষি বিভাগেও কোনো ধৰনৰ সহায় বা পৰামৰ্শ দিয়া নাই ৷ গতানুগতিক ধৰণৰেই কৰিছে এই ক’লা ধানৰ খেতি ৷ প্ৰশান্তৰ পৰিশ্ৰমৰ ফল দিছে ধানবিধেও ৷ প্ৰতিকেজি চাউল ২০০-২৫০টকা পৰ্যন্ত বিক্ৰী হোৱা মূল্যবান তথা ঔষধি গুণসম্পন্ন এই ক’লাধান বিঘাত ১৫-১৬ মোন উৎপাদন হ’ব বুলি আশা কৰিছে প্ৰশান্তই ৷

ইয়াৰ লগে লগে অধিক উৎসাহী হৈ উঠিছে যুৱ খেতিয়কজন আৰু অহাবছৰ অধিক মাটিত এই ধানৰ খেতি কৰাৰ বাবে সাঁজু হৈছে৷ উল্লেখ্য যে উপযুক্ত পানী আৰু কৃষি বিভাগৰ সহায়-সহযোগিতা পালে অধিক উৎপাদন হোৱাৰ আশা আছে ৷ যুৱ খেতিয়কজনক লাগে কৃষি বিভাগৰ সহযোগ ৷ প্ৰশান্তক দেখি এতিয়া আন খেতিয়কো সাঁজু হৈছে এই ক’লা ধানৰ খেতি কৰিবলৈ ৷

Your Comments