শিক্ষক দিৱসত মানৱ অধিকাৰ পৰিষদৰ তৰফৰ পৰা কৃতী শিক্ষকক সম্বৰ্ধনা

 A

C

নিউজ ডেস্ক :
শিক্ষক দিৱস উপলক্ষে যোৱা 5 ছেপ্তেম্বৰ বৃহস্পতিবাৰে মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক বোৰ্ডে Sweet Home Kindergarten School ৰ প্ৰাংগনত আয়তৰু হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জ্যোতিষ চন্দ্ৰ ভূঞা , দক্ষিণ নলবাৰী জুনিয়ৰ কলেজৰ অধ্যক্ষ থানেশ্বৰ শৰ্মা আৰু ছুইট হোম কিন্দাৰগাৰ্টেনৰ শিক্ষয়িত্ৰী শুভলক্ষ্মী দাসক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। শিক্ষাগুৰুসকলৰ শিক্ষাৰ ক্ষেত্ৰত অনবদ্য অৱদান আৰু সেৱাৰ বাবে এই সম্বৰ্ধনা জনোৱা হয় ।উক্ত অনুষ্ঠানটিত সভাপতিত্ব কৰে অসম ৰাজ্যিক বৰ্ডৰ সভাপতি কৰণ কুমাৰ ভূঞাই ।উল্লেখ্য যে, ছুইট হোম কিণ্ডাৰগাৰ্টেনৰ অধ্যক্ষা বিভা হুছেইন , গুৱাহাটী ৰিডাৰ্ছ ফৰামৰ সমন্বয়ক নৱজ্যোতি কলিতা , বিশিষ্ট শিক্ষাবিদ মুকুটলোচন কলিতাই এনে কাৰ্যসূচীৰ ভূয়সী প্ৰশংসা কৰে । উক্ত সভাত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক ব'ৰ্ডৰ কাৰ্যকৰী সভাপতি আলতাফ হুছেইন ,সাধাৰণ সম্পাদক ভৱেশ বৈশ্য , যুটীয়া সম্পাদক ৰোণাল পোদ্দাৰ , উপ সভাপতি বিকাশ আগৰৱালা , Z.P.& P.D. ৰ সভাপতি কিশোৰ ডেকা আৰু দ্বীপজ্যোতি তামুলী সমন্বিতে বিভিন্ন বিষয়ববীয়া উপস্হিত থাকে। উল্লেখ্য যে, এই সম্বৰ্ধনা অনুষ্ঠানে কৃতী শিক্ষকসকলক শিক্ষকতা জীৱনৰ সাৰ্থকতাৰ বিশেষভাৱে উপলব্ধি কৰায় ।

Your Comments

Related Articles