কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত মথাউৰি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ । কলগছ, গছ-লতা আৰু জাবৰ দি মেৰামতি কৰিছে মথাউৰি । জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত মথাউৰি মেৰামতিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম ।
বিভাগটোৰ একাংশ বিষয়া আৰু ঠিকাদাৰে মিলি লুণ্ঠন চলাইছে আৱণ্টিত পুঁজিৰ সিংহভাগ ধন । মন্ত্ৰী কেশৱ মহন্তৰ ঘনিষ্ঠ একাংশ ঠিকাদাৰে বিভাগটোত লুণ্ঠনৰাজ চলোৱাত চকুমুদা কুলিৰ ভাৱত অবতীৰ্ণ স্বয়ং মন্ত্ৰী কেশৱ মহন্ত ।
মথাউৰি মেৰামতিৰ কামত কলগছ, গছ-লতাৰ ডাল-পাত ব্যৱহাৰ কৰাত ক্ষোভিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । এই ঘটনা কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গাখীৰখাইতী আৰু জাৱনি অঞ্চলৰ । জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ শিলঘাট-ধিং মথাউৰিৰ এই দৃশ্য ।
কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ বিহডুবি, গাখীৰখাইতী আৰু জাৱনি অঞ্চলৰ লগতে ভালেকেইখন ৰাজহ গাঁৱক ব্ৰহ্মপুত্ৰৰ বানৰ পৰা সুৰক্ষা প্ৰদান কৰি অহা একমাত্ৰ শিলঘাট-ধিং মথাউৰিটোৰ মেৰামতিৰ নামত কি চলিছে এয়া ।
মথাউৰিৰ মাজৰ পৰা স্থানীয় লোকে খান্দি উলিয়াইছে কলগছ, গছ-লতাৰ ডাল-পাত আদি । চলিত বৰ্ষত কেইবা কোটি টকা ব্যয়সাপেক্ষে জল সম্পদ বিভাগে মেৰামতি কৰা এই মথাউৰিটোত সংঘটিত ব্যাপক দুৰ্নীতি আৰু অনিয়মে চকু কপালত তুলিছে সৰ্বসাধাৰণ ৰাইজৰ ।
ঘটনাস্থলী পৰিদৰ্শন কৰা মহকুমা দণ্ডাধীশগৰাকীৰ ভূমিকাক লৈও সন্দেহ কৰিছে স্থানীয় ৰাইজে । নিশা মথাউৰি পৰিদৰ্শন কৰিবলৈ অহা জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে দূৰৈৰ পৰাই মথাউৰিটো চাই উভতি গ'ল ।
জিলা প্ৰশাসন আৰু মহকুমা প্ৰশাসনৰ ভূমিকাই ক্ষুব্ধ কৰিছে নৈপৰীয়া ৰাইজক ।
জলসম্পদ বিভাগৰ চূড়ান্ত হেমাহি আৰু গাফিলতিৰ বাবে মথাউৰিৰ কামত এনেদৰে কলগছ, গছ-লতাৰ ডাল-পাত ব্যৱহাৰ কৰিবলৈ সাহস কৰিছে একাংশ ঠিকাদাৰে । এই অভিযোগ স্থানীয় লোকৰ ।
- Log in to post comments
- 64 views