অষ্ট্ৰেলিয়া চৰকাৰৰ মানসিক স্বাস্থ্য আৰু আত্মহত্যা প্ৰতিৰোধৰ যুৱ উপদেষ্টা হিচাপে নিযুক্তি লাভ ইপ্সিতা প্ৰতাপৰ

 A

 


আন্তঃৰাষ্ট্ৰীয় ডেস্ক:
অষ্ট্ৰেলিয়া চৰকাৰৰ মানসিক স্বাস্থ্য আৰু আত্মহত্যা প্ৰতিৰোধৰ যুৱ উপদেষ্টা হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় ছাত্ৰী হিচাপে পৰিগণিত হৈছে  অসমৰ ইপ্সিতা প্ৰতাপ৷ লখিমপুৰৰ জীয়ৰী ইপ্সিতা প্ৰতাপে কেনবেৰাত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যোৱা এটা বছৰত পোনপটীয়াভাৱে ফেডাৰেল যুৱ মন্ত্ৰী ড. এন্নে কেলি, মানসিক স্বাস্থ্যৰ সহকাৰী মন্ত্ৰী এমা মেকব্ৰাইডৰ লগতে ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আয়োগ (NMHC) আৰু ৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ কাৰ্যালয়ৰ (NSPO) দৰে চৰকাৰী সংস্থাৰ সৈতে জড়িত হৈ কাম কৰি আছে। উল্লেখ্য যে,২০২৩ চনত ইপ্সিতা প্ৰতাপক ANNE KANTOR ফেল’শ্বিপ প্ৰদান কৰা হয়। ফেলো হিচাপে শেহতীয়াকৈ ইপ্সিতাই অষ্ট্ৰেলিয়ান ইনষ্টিটিউটত যোগদান কৰি বিজ্ঞানভিত্তিক নীতি সংস্কাৰ আৰু পৰামৰ্শৰ ওপৰত কাম কৰি আছে।

Your Comments

Related Articles