আই আই টি ইন্দোৰৰ জ্যোতিৰ্বিজ্ঞানৰ মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপ

 A

নিউজ ডেস্ক:
NASA ৰ উদ্যোগত আমেৰিকাৰ টেক্সাছত অনুষ্ঠিত হৈ থকা 55th Lunar and Planetary Science Conference (LPSC 55) 2024ত যোগদান কৰিছে আই আই টি ইন্দোৰৰ জ্যোতিৰ্বিজ্ঞানৰ মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপে ভাৰতৰ হৈ। 
উল্লেখযোগ্য যে,  লেখক হিতেশ শৰ্মা আৰু কৰবী শৰ্মাৰ কন্যা মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপে এক অতি সাধাৰণ পৰিৱেশৰ পৰা ওলাই আহি নিজৰ একাগ্ৰতাৰ বলেৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে।
পৰৱৰ্তী সময়ত ২০২২ চনৰ পৰা আই আই টি ইন্দোৰত জ্যোতিৰ্বিজ্ঞান বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন চলাই গৈছে এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ মানসেৰে। 
মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপে চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কে চলাই থকা এক প্ৰত্যাহ্বানমূলক গৱেষণাও প্ৰায় সমাপ্ত হোৱাৰ পথত। 

(গ্ৰন্থ সুবাসৰ পেজৰ পৰা)

Your Comments

Related Articles