নিউজ ডেস্ক:
অন্ত পৰিল এটা যুগৰ। ৯ জানুৱাৰী মঙলবাৰে যশস্বী সংগীত পৰিচালক, বাদ্যযন্ত্রী, সুৰকাৰ, গীতিকাৰ ভূপেন উজীৰে ইহলীলা সম্বৰণ কৰে। অসমীয়া সংগীত জগতত বিশাল শূণ্যতাৰ সৃষ্টি কৰি কেতিয়াও উভতি নহাৰ বাটেৰে তেওঁ গলগৈ ৷মঙলবাৰে নিশা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সংগীত পৰিচালক ভূপেন উজীৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শ্বাস প্ৰশ্বাসজনিত ৰোগত অসুস্থ হৈ আছিল শিল্পীগৰাকী। ৬জানুৱাৰীত তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। প্ৰয়াত ভূপেন উজীৰৰ মৃত্যু অসমীয়া সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ'ব।
- Log in to post comments
- 3 views