২৫০টকাৰ পেঞ্চন আনিবলৈ যাওতেই বহুতৰ খৰছ হ’ব ১৫০টকা পৰ্যন্ত ! 

aa

মঙ্গলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটী সৰুসজাই স্পত কমপ্লেক্সত ৰাজ্যৰ ৬০বছৰৰ উৰ্দ্ধৰ প্ৰতিজন বয়োজ্যেষ্ঠক মহিলী ২৫০ টকাকৈ পেন্সন দিয়াৰ বাবে মুকলি কৰে "ছহিদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি” ৷এই আঁচনি জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে মহিলী ২৫০টকাকৈ পেন্সন লাভ কৰিব পোনপটীয়াকৈ বেংক একাউণ্টৰ জৰিয়তে ৷

ৰাজ্য চৰকাৰখনে এই আঁচনিৰ বাবে ৪০০কোটি টকা নিৰ্ধাৰণ কৰিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ সৈতে এই শুভাৰম্ভনী অনুষ্ঠানত উপস্থিত থাকে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী নৱ কুমাৰ দলে,চুমু ৰংহাং, সাংসদ বিজয়া চক্ৰৱতী, বিশ্বজিৎ দৈমাৰী, কামাখ্যা প্ৰসাদ তাছা । ইফাল মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা এই আঁচনিৰ জৰিয়তে বৃদ্ধ পেন্সন লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলোঁ ৷ তেতিয়া এটা কথা হিতাধিকাৰী সকলে আজি দিনত  ২৫০ টকাত এজন মানুহে কি কৰিব পাৰে বুলি প্ৰশ্ন কৰিছিল ৷

ss

বহুতে আকৌ ক’লে ঘৰৰ ওচৰত বেংক ব্যৱস্থা নথকাৰ বাবে টকা উলিয়াবলৈ বেংকলৈ যাবলৈ বহু হিতাধিকাৰীৰ খৰছ হয় ১০০-১৫০টকা  তেনে ক্ষেত্ৰত ২৫০টকাৰ পেন্সন ব্যৱস্থাই কি উপকাৰ কৰিব চৰকাৰী ব্যৱস্থাই হে জানে বুলি আমাৰ আগত মন্তব্য প্ৰকাশ কৰে ।অন্য বহু লোকৰ মতে এয়া ২০১৯ৰ লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপি চৰকাৰৰ এইয়া ভোট বেংকৰ ৰাজনীতি মাত্ৰ ৷ এতিয়া লক্ষণীয় হ’ব অনাগত দিনবোৰত আঁচনি খনে কিমান লোকক উপকাৰ সাধিব পাৰে !  

মঙ্গলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটী সৰুসজাই স্পত কমপ্লেক্সত ৰাজ্যৰ ৬০বছৰৰ উৰ্দ্ধৰ প্ৰতিজন বয়োজ্যেষ্ঠক মহিলী ২৫০ টকাকৈ পেন্সন দিয়াৰ বাবে মুকলি কৰে "ছহিদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি” ৷এই আঁচনি জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে মহিলী ২৫০টকাকৈ পেন্সন লাভ কৰিব পোনপটীয়াকৈ বেংক একাউণ্টৰ জৰিয়তে ৷ ৰাজ্য চৰকাৰখনে এই আঁচনিৰ বাবে ৪০০কোটি টকা নিৰ্ধাৰণ কৰিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ সৈতে এই শুভাৰম্ভনী অনুষ্ঠানত উপস্থিত থাকে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী নৱ কুমাৰ দলে,চুমু ৰংহাং, সাংসদ বিজয়া চক্ৰৱতী, বিশ্বজিৎ দৈমাৰী, কামাখ্যা প্ৰসাদ তাছা । ইফাল মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা এই আঁচনিৰ জৰিয়তে বৃদ্ধ পেন্সন লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলোঁ ৷

aa

তেতিয়া এটা কথা হিতাধিকাৰী সকলে আজি দিনত  ২৫০ টকাত এজন মানুহে কি কৰিব পাৰে বুলি প্ৰশ্ন কৰিছিল ৷ বহুতে আকৌ ক’লে ঘৰৰ ওচৰত বেংক ব্যৱস্থা নথকাৰ বাবে টকা উলিয়াবলৈ বেংকলৈ যাবলৈ বহু হিতাধিকাৰীৰ খৰছ হয় ১০০-১৫০টকা  তেনে ক্ষেত্ৰত ২৫০টকাৰ পেন্সন ব্যৱস্থাই কি উপকাৰ কৰিব চৰকাৰী ব্যৱস্থাই হে জানে বুলি আমাৰ আগত মন্তব্য প্ৰকাশ কৰে ।অন্য বহু লোকৰ মতে এয়া ২০১৯ৰ লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপি চৰকাৰৰ এইয়া ভোট বেংকৰ ৰাজনীতি মাত্ৰ ৷ এতিয়া লক্ষণীয় হ’ব অনাগত দিনবোৰত আঁচনি খনে কিমান লোকক উপকাৰ সাধিব পাৰে !  

Your Comments