নিউজ ডেস্ক:
প্ৰতিষ্ঠা কাল ১৯৯৪ চনৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ে ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত গৱেষণা, শৈক্ষিক উৎকৰ্ষতা, উদ্ভাৱন, আৰু সহ-বিদ্যায়তনিক সক্ৰিয়তাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক প্ৰাণকেন্দ্ৰত পৰিণত হৈছে। উল্লেখ্য যে ,
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত আজি ২১ সংখ্যক দীক্ষান্ত সমাৰোহত ১১০গৰাকীক পি এইচ ডি, ৭৯৯গৰাকীক স্নাতকোত্তৰ, ৪৩১গৰাকীক স্নাতক আৰু ১৪গৰাকীক স্নাতকোত্তৰ ডিপ্লমাসহ মুঠ ১,৩৫৪গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদানেৰে সন্মানিত কৰা হয়।
- Log in to post comments
- 3 views