
নিউজ ডেস্ক:
২০০৮ চনৰ ৩০ অক্টোবৰ। এটা গতানুগতিক জীৱন স্থবিৰ কৰি ৰৈ গৈছিল সময়। আজিৰ পৰা ১৫ বছৰ পূৰ্বে গুৱাহাটীৰ চৌদিশে লাগিছিল হুৱা-দুৱা। আজিৰ দিনটোতে গুৱাহাটী মহানগৰীৰ পানবজাৰ, ফাঁচী বজাৰ, গণেশগুৰিৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাঁৱত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ।
সেই ভয়াৱহ দিনটোৰ ১৫ বৰ্ষ অতিক্ৰম কৰাৰ পিচতো ন্যায় নাপালে বোমা বিস্ফোৰণত ভুক্তভাগী পৰিয়ালে ।
অসমৰ ইতিহাসত ক’লা অধ্যায়ৰূপে পৰিগণিত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱাব্যক্তি সকলৰ সোঁৱৰণিত আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
- Log in to post comments
- 5 views