
নিউজ ডেস্ক:
কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান ৷৮৬ বছৰত শেষ নিশ্বাস ত্যাগ কৰে ৰাজনীতিবিদ শৰৎ বৰকটকীয়ে।
১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন অৱস্থাত আছিল শৰৎ বৰকটকী। ৩০ অক্টোবৰৰ নিশা ১.৩৬ বজাত মৃত্যু হয় প্রাঃ মন্ত্রীগৰাকীৰ। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত শিক্ষা লোকনিৰ্মাণকে ধৰি কেইবাটাও দপ্তৰৰ মন্ত্রী আছিল তেওঁ।
উল্লেখ্য যে,কেইদিনমান পূৰ্বে মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লবলৈ হাস্পাতালত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ মৃত্যুৰ খবৰে সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ পূৰ্বে তেওঁ দান দি থৈ গৈছে চকুজুৰি ৷
- Log in to post comments
- 3 views