সাহিত্যিক শিক্ষাবিদ পদ্মশ্ৰী ড° বীৰেন দত্তৰ সোঁৱৰণত একলম

 A

 

সাংবাদিক নৱজ্যোতি কলিতা :

ভাল লগা এজন মানুহ আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ'ল....
   দত্তছাৰ সম্পৰ্কে মোৰ পূৰ্বতে তেনে কোনো স্পষ্ট ধাৰণা নাছিল। সাহিত্য সভাৰ এজন প্ৰাক্তন সভাপতি, শিক্ষাবিদ হিচাপেহে তেখেতৰ প্ৰতি মই মোৰ চিৰাচৰিত শ্ৰদ্ধা ৰাখিছিলোঁ। 

"বহুদিন বকুলৰ মালা গাঁথা নাই"
গীতটি মোৰ প্ৰিয়গীত সমূহৰ অন্যতম যদিও গীতটিৰ লগত সেই একেইজন সাহিত্যিক শিক্ষাবীদ দত্তছাৰৰ সম্পৰ্কটো মই বহু পলমকৈহে আবিষ্কাৰ কৰিব সক্ষম হৈছিলোঁ।সেইদিনটোৰ পৰাই দত্তছাৰে মোৰ মন গহনত এক সুকীয়া আসন লাভ কৰি আহিছিল।
শেহতীয়াকৈ দত্তছাৰৰ খবৰ লবলৈ আমি গুৱাহাটী ৰিডাৰছ ফৰামৰ পৰা যিদিনা গৈছিলোঁ সেইদিনা যেন মই মানুহজনক পুনৰ নতুনকৈ আবিষ্কাৰ কৰিছিলোঁ। 
শৰীৰত নানা কষ্ট লৈয়ো এজন মানুহে কেনেকৈ মুকলিকৈ হাঁহি ধেমালি কৰিব পাৰে তাৰ দীক্ষা যেন তেখেতৰ প্ৰথম সাক্ষাততে আমাক দি পঠিয়াইছিল।
মোৰ ঘৰ ৰঙিয়া তিনিআলিত বুলি কওঁতে তেওঁ ৰগৰ কৰি কোৱা কথা খিনি আজিও মোৰ কৰ্ণ কুহৰত প্ৰতিধ্বনিত হৈ থাকে....
কুমাৰপাৰা পাঁচআলি- বাইহাটা চাৰিআলি -ৰঙিয়া তিনিআলি
 হা: হা:  হা:...
দত্ত উপাধিটো ইংৰাজীত লিখোঁতে ছাৰে যে কেতিয়াও "DUTTA" শব্দটো যে ব্যৱহাৰ নকৰে তাৰ বাখ্যাও তেওঁ তেওঁৰ স্বভাবসুলভ ভঙ্গীমাৰে আমাক দিবলৈ পাহৰা নাছিল। তেওঁ কৈছিল DU লিখিলে দত্ত কেনেকৈ হ'ব "দুত্ত" হে হ'ব সেয়ে তেওঁ সদায় DATTA হে লিখে আৰু আনেও তেনেকৈ লিখিলেহে তেওঁ ভালপাই বুলি আমাক জনাইছিল।
ছাৰৰ ভাষাৰেই,
বকুলে আকুল কৰা দিনৰ সুৰভি মোৰ মাথোঁ সোঁৱৰণী হৈয়ে ৰ"ল....

সচাকৈয়ে, এতিয়া সকলো যেন মাথোঁ সোঁৱৰণী হৈয়েই ৰ'ব..

Your Comments

Related Articles