বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সংগীতজ্ঞ ড০ বীৰেন্দ্ৰ নাথ দত্তৰ দেহাৱসান

 A

নিউজ ডেস্ক:
মহানৱমীৰ পুৱাই দিশপুৰ পলিক্লিনিক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সংগীতজ্ঞ ড০ বীৰেন্দ্ৰ নাথ দত্তই। উল্লেখ্য যে, বহুদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাছত আজি  পুৱা প্ৰায় ৭ বজাত ৮৮ বছৰ বয়সত বিয়োগ ঘটে লোক সংস্কৃতিৰ সাধকগৰাকীৰ।
লোকপ্ৰিয় কণ্ঠশিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ জন্ম হৈছিল ১৯৩৫ চনত। বিশিষ্ট শিক্ষাবিদগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ বিভাগীয় প্রধানৰূপে অৱসৰ গ্ৰহণ কৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পৰম্পৰাগত সংস্কৃতি আৰু কলা বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপকৰূপে দায়িত্ব নির্বাহ কৰি ২০০০ চনত অৱসৰ গ্ৰহণ কৰিছিল। অসমীয়া আৰু ইংৰাজী ভাষাত দত্তই প্রায় ২৩ ঘন গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে।
অসমীয়া সাহিত্যলৈও বীৰেন্দ্ৰ নাথ দত্তৰ আছিল অপূৰণীয় অৱদান। তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল- “গোৱালপৰীয়া লোকগীত সংগ্রহ' (১৯৭৪), অসমীয়া সংগীতৰ ঐতিহ্য' (১৯৭৭), "ব্যক্তি-সংস্কৃতি ইত্যাদি' (১৯৮৫), ভাষা-সাহিত্যৰ জলঙাইদি' (১৯৮৮) আদি।

Your Comments

Related Articles