
নিউজ ডেস্ক:
পুনৰ বিকৃত ৰূপত উপস্থাপন হ'ল অসমীয়াৰ গৌৰৱ চেনেহৰ বিহুটি। এইবাৰ দেশৰ ৰাজধানীত বিদেশী ৰাষ্ট্ৰপ্রধানৰ সন্মুখত বিকৃত ৰূপত উপস্থাপন কৰা বিহুক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
উল্লেখ্য যে, দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকত অংশ ল’বলৈ অহা বৃটিছৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে জি-২০ৰ আয়োজকে আয়োজন কৰিছিল বিশেষ অনুষ্ঠানৰ। বিমান বন্দৰৰ বাকৰিতে আয়োজন কৰা এই অনুষ্ঠানত বিহু নৃত্যৰে বৃটিছ প্ৰধানগৰাকীক আদৰণি জনোৱা হয়।
বিহু নাচৰ ভংগীমা-শৈলীক ব্যাপকভাৱে বিকৃত ৰূপত দেখা আদৰণি ভিডিঅ'টি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে এতিয়া স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত। বিকৃতভাৱে বিহুক উপস্থাপন কৰাক কোনো প্ৰকাৰে গ্ৰহণ কৰিব নোৱাৰি বুলি মত প্ৰকাশ কৰিছে বিভিন্নজনে৷
- Log in to post comments
- 11 views