সূৰ্যমুখী অভিযানত জড়িত হোৱাৰ গৌৰৱ যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ড°ঐশ্বন্যা শৰ্মাৰ

 A


 

নিউজ ডেস্ক:
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ২ ছেপ্টেম্বৰত মহাকাশৰ সূৰ্য্য অভিমুখে উৎক্ষেপন কৰিব লগীয়া আদিত্য এল-১ ৰ লগত জড়িত যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। সূৰ্য্যৰ জটিল প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিবলগীয়া আদিত্যৰ কাৰ্য্যক্রমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল'বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে আছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড°ঐশ্বন্যা শৰ্মা। আদিত্য এল-১ ত সংলগ্ন দূৰবীক্ষণ যন্ত্ৰ সংক্ষেপে SUIT (Solar Ultraviolet Imaging Telescope) এ সংগ্ৰহ কৰি পঠিয়াবলগীয়া তথ্যৰ পৰা সূৰ্য্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত তৰংগ আৰু কম্পনৰ  বিষয়ে তেওঁ অধ্যয়ন কৰিব। ড° শৰ্মাই ২০১৫ চনৰ পৰা আদিত্যত সংলগ্ন সাতটা যন্ত্ৰৰ অন্যতম যন্ত্ৰ SUIT ৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী তথা পুনেত অৱস্থিত জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAA ৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰফেছৰ দূর্গেশ ত্ৰিপাঠীৰ লগত বৰ্তমানে কৰ্মৰত।

Your Comments

Related Articles