বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱা শুভলক্ষী দত্তক নিলম্বন

 A


নিউজ ডেস্ক:

বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱা শুভলক্ষী দত্তক নিলম্বন কৰে বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ্য যে,গাত উতলা গৰম পানী ঢালি, বাথৰুমত ভৰাই বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাইছিল আৰক্ষী বিষয়া শুভলক্ষী দত্তই। এই ঘটনাৰ সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ভুক্তভোগী মহিলা লখিমপুৰৰ অনিমা প্ৰজাই।
গুৰুত্বপূৰ্ণ কথা এই যে ঘটনাটোৱে ৰাজ্যজুৰি  প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছতো শুভলক্ষী দত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰক্ষী প্ৰশাসনে। ইয়াৰ পাছতে বুধবাৰৰ দিনটোত আৰক্ষী সঞ্চালক প্ৰধানে হেড কোৱাটাৰ ক্ল'জ কৰিছিল বিষয়াগৰাকীৰ। আৰু অৱশেষত বুধবাৰে সন্ধিয়া চাকৰিৰ পৰা নিলম্বন কৰা হয় শুভলক্ষী দত্তক।
উল্লেখ্য যে  চৰাইদেউৰ এ এছ পি শুভলক্ষ্মী দত্তই নাজিৰাস্থিত নিজ বাসগৃহত বন কৰা মহিলাগৰাকীক নিৰ্যাতন চলাইছিল । 

Your Comments

Related Articles