অসমৰ বিভিন্ন ঠায়ে ঠায়ে এতিয়া শিপাইছে বিষাক্ত পাৰ্থেনিয়ামে

 A

 

 

নিউজ ডেস্ক:
গুৱাহাটী আৰু নগাঁৱৰ মাজত ফ’ৰলেনেৰে অহা যোৱা কৰোতে ডিভাইডাৰটো ছানি ধৰি বগা বগা ফুল ফুলা বনবোৰ মন কৰিছেনে? এয়া কোনো সাধাৰণ বন নহয়, এইবোৰ অতি বিষাক্ত পাৰ্থেনিয়াম৷ কেইবা কিলোমিটাৰ ধৰি পথত এই পাৰ্থেনিয়াম গজিছে৷ এই পাৰ্থেনিয়ামে সকলোৰে অগোচৰে এক ভয়ংকৰ সময় কঢ়িয়াই আনি আছে অসমলৈ৷ অদূৰ ভৱিষ্যতে অসমৰ বহু লোক শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভোগাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷ ইমান বৃহৎ পৰিসৰত পাৰ্থেনিয়াম অসমত পূৰ্ব গজিছে নে নাই নাজানো, কিন্তু বিষয়টোত বিভাগীয় কৰ্তৃপক্ষই যিমান পাৰে সোনকালে গুৰুত্ব দিয়াটো জনস্বাস্থ্যৰ বাবে মংগলজনক হ’ব৷ কাৰণ এই ফুলবোৰ ফুলি ধূলি হৈ বতাহত মিলি গ’লে বহু লোক জ্বৰ, কাহ, পানীলগা আদিত আক্ৰান্ত হ’ব৷ বিশেষকৈ শ্বাস-প্ৰশ্বাসৰ ৰোগত আক্ৰান্ত হৈ থকা লোকৰ বাবে কথাটো আৰু বিপদজনক৷
এই সন্দৰ্ভত কৃষি বিশেষজ্ঞ আৰু চিকিৎসকসকলে সবিশেষ জনালে ভাল৷ এয়া নিশ্চয় এক সজাগতা সৃষ্টিও হ’ব৷ কাৰণ এই সন্দৰ্ভত আমি যিখিনি জানো সেয়া ন্যুনতম কথা জানো সেয়া একেবাৰে সাধাৰণ৷
এই পাৰ্থেনিয়াম ইমানেই বিষাক্ত যে কোনো জীৱ-জন্তুৱে ইয়াক ভক্ষণ নকৰে৷ এটা গৰু যদি এডৰা পাৰ্থেনিয়ামৰ মাজেৰে পাৰ হৈ যায় তেন্তে গৰুটো জ্বৰ আৰু কাহত আক্ৰান্ত হয়৷ এই বিষাক্ত তৃণ বিধ এটা সময়ত ঘেঁহু আমদানি কৰোতে বিদেশৰ পৰা ভাৰতলৈ আহিছিল৷ পাৰ্থেনিয়াম নিঃশেষ কৰাৰ উপায় নাই, কিন্তু বেছিকৈ গজিলে তাক যিকোনো উপায়েৰে নাশ কৰিবই লাগিব, তাৰ আন বিকল্প নাই৷ এটা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত, জনবহুল এলেকাত ইয়াক এনেকৈ গজিবলৈ দিব নোৱাৰি৷

(সাংবাদিক প্ৰাণজিৎ শইকীয়াৰ পেজৰ পৰা)

 

Your Comments

Related Articles