জধে-মধে জৰিমনা বিহি সৰু সৰু পৰিবহন ব্যৱসায়ী তথা শ্রমিকক ভাতে মাৰিছে চৰকাৰে : মটৰ পৰিবহণ সেৱাকৰ্মী সন্মিলিত মঞ্চ

 


নিউজ ডেস্ক:
যোৱা ২৯ জুলাই তাৰিখ শনিবাৰে  মটৰ পৰিবহণ সেৱাকৰ্মী সন্মিলিত মঞ্চৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা মঞ্চৰ সভাপতি মণ্ডলীৰ সদস্য  মাননীয় ৰবীন দত্ত আৰু কৌশিক ভূঞা দেৱৰ  সভাপতিত্বত এখন সভা  অনুষ্ঠিত কৰা  হয়।
        সভাখনৰৰ আৰম্ভনিতে সাধাৰণ সম্পাদক নৰেন পাঠকে যোৱা দুমাহত পৰিবহণ খণ্ডত হৈ থকা ঘটনাৱলী বাখ্যা কৰাৰ লগতে সন্মিলিত মঞ্চৰ অৱস্থান সম্পৰ্কেও বিৱৰণ  দিয়ে। সভাৰ মূল আলোচ্য বিষয় আছিল "অসম চৰকাৰে গ্ৰহণ কৰা পৰিবহণ নীতি আৰু ইয়াৰ ওপৰত সন্মিলিত মঞ্চৰ কৰণীয়৷“
       সভাত উপস্থিত বিভিন্ন সদস্যৰ বক্তব্যৰ পৰা দেখা যায় যে সম্প্ৰতি  অসম চৰকাৰে চৰকাৰী পুঁজি আহৰণ কৰাৰ বাবে পৰিবহণ খণ্ডক বিশেষ ধৰনে বাছনি কৰি লৈছে আৰু জধে মধে কৰ আৰু জৰিমনা বিহি পৰিবহণৰ মালিক, স্ব:নিয়োজিত মালিক আৰু পৰিবহণৰ শ্ৰমিক সকলক অতিষ্ঠ কৰি তুলিছে বুলি আজিৰ সভাই উদ্বিগ্নতা প্ৰকাশ কৰে। সদস্য সকলৰ মন্তব্যৰ পৰা পৰিস্ফুত হয় যে পৰিবহণৰ সৰু সৰু গৰাকী সকলে শেহতীয়া চৰকাৰী নীতিৰ বলি হৈ নিজৰ নিজৰ পৰিবহণ বন্ধ কৰিব লগাত পৰিছে।
      বিভিন্ন আলোচনাৰ অন্তত  উক্ত সভাতে তলত উল্লেখ কৰা সিদ্ধান্ত সমূহ সৰ্বসন্মতি ক্ৰমে গৃহীত হয়।
      ১/ বৰপেটাৰোড ত অনুষ্ঠিত হোৱা  অভিৱৰ্তনত গৃহীত প্ৰস্তাৱ ( দাবী) সমূহ পৰিবহণ আয়ুক্তৰ মাজেৰে পৰিবহণ সচিব লৈ  আগষ্ট মাহৰ শেষ বা ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত প্ৰেৰণ কৰাৰ সিদ্ধান্ত হয়। তাৰিখ দায়িত্ব প্ৰাপ্ত নেতৃত্বই অতি শীঘ্ৰে ঘোষণা কৰিব। স্মাৰক পত্ৰত নতুনকৈ এটা দাবী সন্নিবিষ্ট কৰা হব। দাবীটো হল ---  অসমৰ যিবিলাক চহৰ বা টাউনত চৰকাৰী অনুমোদিত পৰিবহণৰ আস্থান নাই ,তাত "নো পাৰ্কিং" ৰ অপৰাধত জৰিমনা (চালান) কৰা বন্ধ কৰক। 
         ২/ আমাৰ বিশেষ দাবী -- অসম চৰকাৰে পৰিবহণ নীতি শিথিল কৰক যাতে পৰিবহণৰ মালিক, স্ব:নিয়োজিত মালিক আৰু মটৰ শ্ৰমিক সকলে অতিৰিক্ত কৰ আৰু জৰিমনা ভৰিব লগা নহয়। এই দাবী মূখ্যত ৰাখি কল্যাণ আঁচনিৰ লগতে আন আন দাবীত অহা নবেম্বৰ - ডিচেম্বৰৰ মাহৰ পৰা অবিৰত ভাবে এলানি আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ প্ৰস্তুতিৰ বাবে আন সম  মনোভাবাপন্ন  মালিক আৰু শ্ৰমিক সংগঠনৰ  লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সকলোৱে একমত হয়।
        তাৰিখ নিৰ্ধাৰণ আৰু আন আলোচনাৰ বাবে ১১ জনীয়া এখন কমিটি  গঠন কৰা হয়। 
      ৩/  মঞ্চটোৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ বাবে প্ৰতিটো অন্তৰ্ভুক্ত সংগঠনে মাহে কমেও 300/ টকাকৈ বৰঙণি আদায় দিব লাগিব।
     ৪/ মঞ্চৰ এখন সংবিধান লিখাৰ বাবে উপদেষ্টা মথুৰা দাসক দায়িত্ব দিয়া হয় আৰু গ্ৰুপত দিয়াৰ বাবে কোৱা হয় ,যাতে সকলো সদস্য ই পঢ়ি সংশোধনৰ বাবে মতামত দিব পাৰে ।
        ৫/ পূৰ্বতে গঠন কৰা মিডিয়া চেল ত কৌশিক ভূঞাক অন্তৰ্ভুক্ত কৰা হয়। সেইমতে এতিয়া তিনিগৰাকী সদস্য হ’ল। তেওঁলোকে মিডিয়া চেল ত যদি পুনৰ কাৰোবাক অন্তৰ্ভুক্ত কৰিব লগা হয় বা আন কিবা সিদ্ধান্ত লব লগা হয় ,তেওঁলোকে লব পাৰিব।
       ৬/ বিভিন্ন বিষয়ত আইনৰ আশ্ৰয় লবলৈ এখন আইন উপদেষ্টা সমিতি গঠন কৰা হয় উপদেষ্টা হৰেশ্বৰ দাস আৰু সাজাহান আহমেদক লৈ। তেওঁলোকে নিজে পুনৰ দুই এগৰাকী এডভোকেট ক সমিতিত অন্তৰ্ভুক্ত কৰিব পাৰিব।
     ৭/   মঞ্চৰ পতাকা আৰু লগো কেনেকুৱা হলে ভাল হব ,সেইটো সকলোকে চিন্তা কৰিবলৈ সভাই পৰামৰ্শ আগবঢ়ায়। পৰবৰ্তী সভাত সেই সম্পৰ্কত  চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলিও উক্ত সভাতে সিদ্ধান্ত গ্ৰহণ কৰা বুলি উদ্যোগতা সকলে জানিব দিছে ।

Your Comments

Related Articles