শিলচৰ NIT ৰ হোষ্টলৰ ৩ ৰান্ধনীক ১০/১২ জনীয়া ছাত্ৰৰ দলবদ্ধ আক্ৰমণ

 A

নিউজ ডেস্ক:
শিলচৰ NITত বুধবাৰে নিশা সংঘটিত হৈছে  মৰেল পুলিচিঙৰ ঘটনা ৷
জানিব পৰা মতে শিলচৰ NIT তএটা মোবাইল চুৰি হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি। শিক্ষানুষ্ঠানখনৰ হোষ্টেলৰ ৩ গৰাকী ৰান্ধনী ক্ৰমে বিকি , মনা দাস আৰু ৰাজকুমাৰ ধোশাদক 
মোবাইল চুৰিৰ অপৰাধত একাংশ ছাত্ৰই  আটক কৰি মাৰপিট কৰাৰ ফলত  ৰান্ধনীকেইগৰাকী  আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
এই সমগ্ৰ ঘটনাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। 
ইয়াৰ পাছত তিনিওগৰাকী ৰান্ধনীক গাড়ীত তুলি ৯ নং হোষ্টেললৈ লৈ যায় এই ছাত্ৰৰ দলটোৱে। আৰু ৯ নং হোষ্টেলতেই তিনিওগৰাকী ৰান্ধকীক মাৰপিট কৰে প্ৰায় ১০/১২ জনীয়া এটা ছাত্ৰৰ দলে।
 আহত তিনিওগৰাকী ৰান্ধনীকে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও দুজন ৰান্ধনীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যাবলৈ দিয়ে ৷

 

Your Comments

Related Articles