পুনৰ ৰাজ্যৰ ভিতৰত তৃতীয় স্থানৰে উজলিল নলবাৰীৰ বাহাৰঘাট শংকৰদেৱ বিদ্যা নিকেতন

 A

 


নিউজ ডেস্ক:
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ শংকৰদেব বিদ্যা নিকেতন,বাহাৰঘাটৰ ছাত্ৰ মৃগাংক ভট্টাচাৰ্যই ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰি বিদ্যালয় খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ বৰখলা নিবাসী তথা যোগেশ্বৰী দৰ্শন বিদ্যালয়ৰ শিক্ষক দিলীপ কুমাৰ ভট্টাচাৰ্য আৰ নৱনীতা দেৱীৰ কণিষ্ঠ পুত্ৰ মৃগাংকই সৰ্বমুঠ ৫৯২ নম্বৰ লাভ কৰে৷ভবিষ্যতে এজন অধ্যাপক হোৱাৰ সপোন দেখা মৃগাংকৰ ফলাফলক লৈ যথেষ্ট সুখী৷দৈনিক অধ্যয়নৰ কোনো নিৰ্ধাৰিত সময় নথকা ছাত্ৰ গৰাকীয়ে ছাত্ৰছাত্ৰীক উদ্দেশ্যি কয় যে নিয়মীয়াকৈ অধ্যয়ন কৰিলে জীৱনত সফলতা অৰ্জন কৰিব পাৰি৷ উল্লেখ্য যে বিগত ২০১৪ আৰু ২০১৯ বৰ্ষটো  ক্ৰমে সপ্তম আৰু নৱম স্থান পাই গৌৰৱ কঢ়িয়াই আনিছিল৷আজিও তৃতীয় স্থান পোৱা খবৰে বিদ্যালয়ৰ প্ৰধানাচাৰ্য্য তিলক চন্দ্ৰ তালুকদাৰকে ধৰি সকলো আচাৰ্য আৰু আচাৰ্য্যাৰ লগতে পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ কলিতা আৰু সম্পাদক মহেশ্বৰ ভট্টাচাৰ্যই আনন্দ প্ৰকাশ কৰে৷প্ৰধানাচাৰ্য্য তালুকদাৰে কয় যে বিগত ২০০৯ চনৰে পৰা বৰ্তমানলৈ এশ শতাংশই উত্তীৰ্ণ হৈ অঞ্চলত সুনাম দখল কৰি আছে শিক্ষানুষ্ঠান খনে৷এইবেলিও মুঠ ৫৬ গৰাকী পৰীক্ষাৰ্থীৰ আতাইকেইজনে উত্তীৰ্ণ হৈ পূৰ্বেৰ ধাৰা অক্ষুণ্ণ ৰাখিছে৷ইয়াৰ ভিতৰত স্থানপ্ৰাপ্ত মৃগাংককে ধৰি মুঠ ষোল্ল জনে ডিষ্টিংচন,১৯ গৰাকী ষ্টাৰ,সাধাৰণ ভাবে প্ৰথম বিভাগত ১৬ গৰাকী আৰু ৫গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷আজি ফলাফলৰ পিচতে বিদ্যালয় প্ৰাংগনৰ পৰা স্থানপ্ৰাপ্ত পৰীক্ষাৰ্থী গৰাকীক লৈ এটি শোভাযাত্ৰা উলিয়াই৷ইয়াৰ আগতে বিদ্যালয়ৰ সন্মুখত ফটকা ফুটাই মুখত ৰং সানি ছাত্ৰছাত্ৰী সকলে আনন্দ প্ৰকাশ কৰা দেখা যায়৷

Your Comments

Related Articles