বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে 'মাই গভ, আছাম' বিভাগৰ অধীনত ৰাজ্যখনৰ প্ৰতিখন জিলাৰে এখনকৈ গাঁও স্বচ্ছ আৰু সেউজ গাঁও হিচাপে তথা আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ এক অভিযান আৰম্ভ কৰিছে ৷
সেই অনুসৰি ৰাজ্যখনৰ ১৭খন জিলাৰ ১৭খন গাঁৱত এই অভিযান আৰম্ভ কৰা হৈছে ৷ বঙাইগাঁও জিলাৰ পালেংবাৰী প্ৰথম খণ্ড গাঁৱকো স্বচ্ছ আৰু সেউজ গাঁও হিচাপে গঢ়ি তোলাৰ বাবে বাছি লোৱা হৈছে ৷
এই উপলক্ষে বুধবাৰে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত পালেংবাৰী প্ৰথম খণ্ডৰ হৰিমন্দিৰ প্ৰাংগণত এখন বিশেষ সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত স্বচ্ছতাৰ দিশত গাঁওখনক আগবঢ়াই নিয়াৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীৰ 'মাই গভ, আছাম'ৰ বিষয়ববীয়াসকল উপস্থিত থাকি বিশেষ উদ্যোগ লয় ৷
বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সজাগতামূলক সভাখনত তেওঁ নিজৰ ভাষণ প্ৰসংগত কয় যে স্বচ্ছ আৰু সেউজ গাঁও হিচাপে স্বীকৃতি পাবলৈ পালেংবাৰী প্ৰথম খণ্ড গাঁওখন মুকলিত মলত্যাগমুক্ত গাঁও হ'ব লাগিব ৷
গাঁওখনৰ প্ৰতিটো পৰিয়ালে নিজৰ চৌহদটো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখাৰ লগতে নিজৰ নিজৰ পদূলিমুখত একোটাকৈ বাঁহৰ ডাষ্টবিন ৰাখিব লাগিব ৷ গাঁওখনক প্লাষ্টিক ব্যৱহাৰমুক্ত গাঁও হিচাপে গঢ়ি তুলিব লাগিব ৷ সেইদৰে প্ৰতিটো পৰিয়ালৰ লোকেই গছপুলি ৰোপণ কৰি নিজৰ গাঁওখন সেউজ গাঁও হিচাপে পৰিগণিত কৰিব লাগিব বুলি কয় ৷
তেওঁ ইয়াৰ বাবে বন বিভাগৰ ফালৰ পৰা প্ৰতিজন ব্যক্তিকে গছপুলি যোগান ধৰা হ'ব বুলি উল্লেখ কৰি গাঁওখন প্ৰদূষণমুক্ত গাঁও হ'ব লাগিব বুলিও কয় ৷ তেতিয়াহে পালেংবাৰী গাঁৱে স্বচ্ছ আৰু সেউজ গাঁও হিচাপে চৰকাৰৰ দ্বাৰা স্বীকৃত হ'ব বুলি উন্নয়ন আয়ুক্তগৰাকীয়ে কয় ৷
ইপিনে সজাগতামূলক সভাত বন বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ আনন্দ খাটনিয়াৰে ভাষণ প্ৰসংগত কয় যে আজি প্ৰকৃতি অসুস্থ ৷ গোলকীয় উষ্ণতাই প্ৰকৃতিক ছানি ধৰিছে ৷ নানা প্ৰাকৃতিক পৰিঘটনাই জনসমাজক আৱৰি ধৰিছে ৷
বনাঞ্চল ধ্বংস হোৱা বাবে আজি বনৰীয়া বাঘ আহি মানুহৰ বসতিস্থলত বিচৰণ কৰিছে ৷ গতিকে প্ৰকৃতিক বচোৱাৰ বাবে বিপ্লৱ গঢ়ি তুলিব লাগিব ৷ গোলকীয় উষ্ণতা ৰোধ কৰিবলৈ হ'লে গছ-গছনি ৰোপণ কৰিব লাগিব ৷
তেওঁ নিজৰ ভাষণত আৰু কয় যে তেওঁ নিজেই এতিয়ালৈকে ৩০-৪০ হেজাৰ গছপুলি ৰোপণ কৰিছে ৷ প্ৰকৃতিক সুস্থ কৰিবলৈ হ'লে সকলো লোকেই গছপুলি ৰোপণ কৰাৰ লগতে প্লাষ্টিকমুক্ত হিচাপে গাঁওখন গঢ়ি তুলিবলৈ সকলোৱেই অন্তঃকৰণেৰে কাম কৰিব লাগিব বুলিও কয় ৷
বন বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ খাটনিয়াৰে লগতে নৈৰ পাৰত গছপুলি ৰোপণ কৰিবলৈকো ৰাইজক আহ্বান জনায় ৷ সভাত মাই গভ, আছামৰ কৰ্মকৰ্তা হিমজ্যোতি তালুকদাৰ, নিপন কোচ আৰু ধীৰাজ ডেকাই উপস্থিত ৰাইজৰ লগত এক মতবিনিময় অনুষ্ঠানতো অংশ লয় ৷
ইয়াৰ পিছতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বচ্ছতা আৰু সেউজ গাঁও অভিযান সম্পৰ্কত প্ৰজেক্টৰৰ মাধ্যমত দুটা ভিডিঅ' বাৰ্তা ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰা হয় ৷ বাৰ্তাত মুখ্য মন্ত্ৰীগৰাকীয়ে সমূহ ৰাইজক স্বচ্ছতা আৰু সেউজ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷
সভাত সেউজ কৰ্মী মহীধৰ ৰায়ক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে স্বচ্ছ আৰু সেউজ গাঁও গঢ়ি তোলাৰ ক্ষেত্ৰত বন বিভাগ, জনস্বস্থ্য কাৰিকৰী বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ আদি বিভাগৰ অৰিহণা থাকিব লাগিব ৷
সেই উদ্দেশ্যে সভাত বঙাইগাঁও জিলাৰ সামাজিক বনানীকৰণৰ মাণ্ডলিক বিষয়া নাছিৰ আলী শ্বেখ, প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ কাৰ্যবাহী বিষয়া ৰাজেন শৰ্মা, বঙাইগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মাধৱ দত্তৰ লগতে মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থপ্ৰতিম খনিকৰ আদি উপস্থিত থাকে ৷
- Log in to post comments
- 36 views