নিউজ ডেস্ক:
ইংৰাজীতে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ আঁকোৰগোজ স্থিতিৰে শিক্ষা বিভাগে ইংৰাজী ভাষাতে ছপা কৰিলে ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম।
উল্লেখ্য যে, অসমৰ চৰকাৰী বিদ্যালয়ত ইংৰাজী ভাষাত শিক্ষাদান কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিবাদৰ ঢৌ।বিৰোধী ৰাজনৈতিক দলৰ পৰা আঞ্চলিক দললৈকে সকলোৱে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল।কিন্তু এই সকলোবোৰ প্ৰতিবাদক আওকান কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ ইংৰাজী ভাষাতে ছপা কৰি উলিয়ালে ষষ্ঠ শ্ৰেণীৰ দুটাকৈ বিষয়ৰ পাঠ্যক্ৰম।
অৱশ্যে যি সকলে অসমীয়াতে পঢ়িব বিচাৰে, সেই সকল শিক্ষাৰ্থীৰ বাবে অপশ্যনেল হিচাপে অসমীয়া ভাষাও ৰাখিছে শিক্ষা বিভাগে।
- Log in to post comments
- 6 views