নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাৰ


নিউজ ডেস্ক:

সদ‍্য স্বীকৃতিপ্ৰাপ্ত নলবাৰী চিকিৎসা মহাবিদ্যালয়খনত ৰাজ‍্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি দুপৰীয়া হঠাৎ উপস্থিত হৈ মেডিকেলখন পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ অভাৱ-অভিযোগৰ বুজ লয়।উল্লেখ‍্য যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৱৰ্তী দক্ষিণগাঁৱত ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত কলেজখনক ১৪  মাৰ্চত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে স্বীকৃতি দিয়ে ৷
 আজি আকস্মিকভাৱে দুয়োগৰাকী মন্ত্ৰীয়ে একে লগে মেডিকেলখন পৰিদৰ্শন কৰি নলবাৰী মেডিকেল কলেজৰ অধ‍্যক্ষ ডঃ যোগেশ শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয়।ইয়াৰ অন্তত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অহা ১৪ এপ্ৰিলত নলবাৰী চিকিৎসা মহাবিদ্যালয়খন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিব বুলি সদৰী কৰে।লগতে মন্ত্ৰী গৰাকীয়ে অহা ছেপ্টেম্বৰ আৰু অক্টোবৰৰ ভিতৰত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে ১০০ গৰাকী শিক্ষাৰ্থীক নাম ভৰ্তি কৰিব পাৰিব বুলি সদৰী কৰাৰ উপৰিও মেডিকেল কলেজখনৰ প্ৰয়োজনীয় অভাৱ অভিযোগ সমূহ শীঘ্ৰে দুৰ হ’ব বুলি মন্তব্য কৰে।লগতে স্বাস্হ্যমন্ত্ৰীগৰাকীয়ে  সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াসকলৰ ৰক্ষা কবচ হ'ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।ইফালে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমৰ চিকিৎসা খণ্ডৰ বাবে এয়া আন এক মাইলষ্ট’ন বুলি অভিহিত কৰি এবছৰৰ ভিতৰতে চাৰিখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটোক ঐতিহাসিক আখ্যা দিয়ে ।লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী মেডিকেল কলেজখন স্বীকৃতি পোৱাৰ ক্ষেত্ৰত নলবাৰী কলেজৰ যিসকল ব‍্যক্তি তথা বিষয়া-কৰ্মচাৰী আৰু নলবাৰীৰ ৰাইজৰ সহায়োগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।আজিৰ মন্ত্ৰী দুয়োগৰাকীৰ পৰিদৰ্শন কালত সংগ দিয়ে বিধায়ক জিতু গোস্বামী, চিকিৎসা শিক্ষা সঞ্চালক অনুপ বৰ্মন, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সুভাষ চন্দ্ৰ শৰ্মা, অগপ সাধাৰণ সম্পাদক দিলীপ কুমাৰ দাস আদিয়ে।

Your Comments