ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে আৰম্ভ কৰিলে জি-২০ মহামাৰী পুঁজি, বিচাৰিছে অধিক ধন

A

 

আন্তঃৰাষ্ট্ৰীয় ডেস্ক:
 ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৱে দেওবাৰে গ্ৰুপ অৱ ২০ (জি-২০) মহামাৰী পুঁজিৰ উন্মোচনত কয় যে ভৱিষ্যতৰ মহামাৰীৰ বাবে প্ৰস্তুতি বৃদ্ধিৰ বাবে এতিয়ালৈকে যিমান ধন সংগ্ৰহ কৰা হৈছে সেয়া এতিয়াও পৰ্যাপ্ত হোৱা নাই।
 জি-২০ৰ অধ্যক্ষ ইণ্ডোনেছিয়াই আৰম্ভ কৰা এই পুঁজিটোৱে কমৰ পৰা মধ্যম আয়ৰ দেশসমূহক লক্ষ্য কৰি চোৱাচিতা, গৱেষণা, আৰু ভেকচিনৰ উন্নত সুবিধাৰ লগতে অন্যান্য ব্যৱস্থাৰ দৰে প্ৰচেষ্টাৰ বাবে বিত্তীয় সাহায্য আগবঢ়াইছে।
 বালিত অনুষ্ঠিত হোৱা  জি-২০ৰ শীৰ্ষ সন্মিলনৰ
এক অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে “মই আৰু অধিক সমৰ্থন আশা কৰিছো।”
 ইণ্ডোনেছিয়া, আমেৰিকা আৰু ইউৰোপীয় সংঘৰ লগতে বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ দৰে দাতা আৰু দানশীল সংস্থাৰ অৱদানকে ধৰি এই পুঁজিয়ে এতিয়ালৈকে প্ৰায় ১.৪ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে।

Your Comments