
নিউজ ডেস্ক:
"অসম আন্দোলনৰ শ্বহীদক অপমান কৰি জেললৈ গৈ শিক্ষা নোলোৱা বিধায়ক শ্বেৰমান আলি আহমেদৰ এইবাৰ অসমীয়া মাতৃভাষাক তুচ্ছ-তাচ্ছিল্য।মাতৃভাষা শিক্ষাৰে অসমৰ নৱপ্ৰজন্মক পিছুৱাই ৰখা হৈছে।কবি সাহিত্যিক, লেখক হ'ব বিচৰাসকলেহে পঢ়িব লাগে অসমীয়া মাধ্যমত"-এই বিস্ফোৰক মন্তব্য বিধায়ক আহমেদৰ।
ৰাজ্যৰ অধিকাংশ স্কুল চিবিএছচিৰ পাঠ্যক্ৰমলৈ বদলি কৰিব লাগে।চৰকাৰী বিদ্যালয়ত তৃতীয় শ্রেণীৰ পৰা দশম শ্রেণীলৈ গণিত-বিজ্ঞান ইংৰাজীত পাঠদান কৰা অসম চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰি মাতৃভাষাক উপলুঙাৰে কয় যে -কবি-সাহিত্যিক-লেখক হ'বলৈ বিচৰা সকলেহে পঢ়িব লাগে অসমীয়া মাধ্যমত।সকলোৱে লেখক-সাহিত্যিক, কবিটো নহয়।
তাৎপৰ্যপূৰ্ণ কথা এই যে, ৰাজ্যৰ জাতীয় দল-সংগঠনে বিৰোধিতা কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰৰ মাধ্যম কেন্দ্ৰীক সিদ্ধান্তক।বিষয়টোক বিৰোধিতা কৰিছে RSSৰ ছাত্ৰ সংগঠন ABVPয়েও।তেনে সময়ত সংখ্যালঘু বিধায়ক শ্বেৰমানে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ কাৰণ অসমীয়া মাধ্যম বুলিহে কটাক্ষ কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে যিসময়ত মাতৃভাষাৰ বিদ্যালয় আৰু অসমীয়া মাতৃভাষাক জীয়াই ৰখাৰ বাবে অসম চুক্তি আৰু ভাষা আন্দোলনৰ দৰে ঐতিহাসিক সংগ্রাম হৈছিল তেনে সংগ্রামক বিধায়ক শ্বেৰমান আলি আহমেদৰ অসমীয়া ভাষা বিৰোধী মন্তব্যই অপমান কৰা নাই নে?বিধায়ক গৰাকীৰ এই মন্তব্যক জাতীয়-দল সংগঠনসমূহে কিদৰে গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।
- Log in to post comments
- 6 views