
নিউজ ডেস্ক:
"ইংৰাজী ভাষাৰ সমূলি আমিও বিৰোধ নকৰো।চৰকাৰে স্ব-বিৰোধীস্থিতি গ্ৰহণ কৰিছে।মাতৃভাষা, জনজাতীয় ভাষা পঢ়োৱাৰ ব্যৱস্থা নকৰি ব্ৰিটিছ প্ৰীতি দেখুৱাইছে চৰকাৰে"-মন্তব্য বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।ছাত্ৰ-ছাত্ৰী কম আছে বুলি এতিয়া স্কুল বন্ধ কৰিবলৈ ওলাইছে।চৰকাৰী বিদ্যালয়ক বন্ধ কৰাটোক বিৰোধী কৰো।বিদ্যালয়ৰ পৰিৱেশ ভাল হ'লে শিক্ষাৰ্থীৰ সংখ্যা কমি নগল হেঁতেন অসমৰ বিদ্যালয়ত।বেয়া পৰিৱেশৰ বাবে কষ্ট কৰি হ'লেও দুখীয়া পিতৃ-মাতৃয়েও ব্যক্তিগত বিদ্যালয়ত পঢ়াই নিজৰ ল’ৰা-ছোৱালীক-ইছলামে কয়।অসমৰ বিদ্যালয়ত ইংৰাজী মাধ্যম পঢ়াব মুখ্যমন্ত্ৰীৰ কথা আংশিকভাৱে শুদ্ধ, সম্পূৰ্ণ ভাৱে শুদ্ধ নহয় তেওঁ লগতে কয়।
আনহাতে লোভসভা নিৰ্বাচনক লৈ AIUDFএ এতিয়ালৈ চূড়ান্ত সিদ্ধান্ত লোৱা নাই।অসমত কংগ্ৰেছ-বিজেপি আজি একাকাৰ হৈ গৈছে।বিজেপিৰ মতে কংগ্ৰেছ পৰিচালনা হয় তাৰ প্ৰমাণ হৈছে।৭টা সমষ্টিত AIUDFৰ ভেঁটি শক্তিশালী, পূৰ্বতে লাখ লাখ ভোট পাইছিলো।তিনিটা সমষ্টিত আমাৰ সাংসদ জয়ীও হৈছিল।
ইফালে এখন দম্ভালি মৰা জিন্দা চৰকাৰ থাকোতে কিয় ডেক্স-বেঞ্চ দিব নোৱাৰে।প্ৰভাৱশালীসকলে অতি দৰিদ্ৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক সহায় কৰক।চৰকাৰে ডেক্স-বেঞ্চৰ যোগান ধৰক।ভিক্ষা বিচাৰি ডেক্স-বেঞ্চ, ফেন লোৱাৰ প্ৰয়োজন নাই।
- Log in to post comments
- 6 views