CAA আন্দোলনলৈ আমাৰ নৈতিক সমৰ্থন আছে, জি পি সিঙৰ কাম নহয় অসমৰ উন্নয়ন চোৱা- লুৰীন

A

নিউজ ডেস্ক:

ৰাজ্যত পুনৰ আৰম্ভ হোৱা নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' আন্দোলনলৈ সমৰ্থন অসম জাতীয় পৰিষদৰ ।সভাপতি লুৰিণজ্যোতি গগৈয়ে নেছ'ৰ আহ্বানত আছুৱে আৰম্ভ কৰা আন্দোলনলৈ নৈতিক সমৰ্থন থকাৰ কথা প্ৰকাশ।আছু-যুৱ ছাত্ৰ পৰিষদে নেতৃত্ব লওঁক জাতীয় পৰিষদে নৈতিক ভাৱে সমৰ্থন কৰিব।কা’ অসম আৰু  উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে কেতিয়াও মনা নাছিল আৰু ভবিষ্যতলৈও নামানে।কাৰণ কা' জাপি অসম আৰু উত্তৰ পুৰ্বাঞ্চলৰ ৰাইজক অন্যায় কৰিছে কেন্দ্ৰীয় বিজেপি চৰকাৰে।অসম-ত্ৰিপুৰা মুখ্যমন্ত্ৰীৰ বাদে উত্তৰ-পূর্বৰ সকলো মুখ্যমন্ত্ৰীয়ে বিৰোধিতা কৰিছিল কা’- লুৰিনে কয়।অসমবাসীক কা’ বিৰোধী সংগ্ৰামখন পুনৰ বলিষ্ঠৰূপত আৰম্ভ কৰাৰ আহ্বান লুৰিণৰ।

আছু-যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আগন্তুক দিনত ৰাজ্যৰ প্ৰতিটো ছাত্ৰ সংগঠন, জাতীয় জনগোষ্ঠীয় দল সংগঠন সাহিত্য সভাকে আদি কৰি প্ৰত্যেকেই এই আন্দোলনত অংশগ্ৰহণ কৰক।
আনহাতে আৰক্ষীয়ে কা' আন্দোলনক বাধা দিয়াক উদ্দেশ্য কৰি লুৰীনে কয়- গণতান্ত্ৰিক আন্দোলনলৈ ভয়  কৰে চৰকাৰে।পুলিচ মোতায়েন কৰি আন্দোলন বন্ধ কৰিবলৈ উঠিপৰি লাগিছে।যি সকলে পুলিচ প্ৰশাসন চলাই, আইন ব্যৱস্থা চাব লাগে তেওঁলোকে চৰকাৰৰ মুখপাত্ৰৰ দৰে উন্নয়নৰ কথা কৈ ৰাইজক বিভ্ৰান্ত কৰিবলৈ উঠিপৰি লাগিছে।ADGP জি পি সিঙৰ কাম নহয় অসমৰ উন্নয়ন চোৱা।শান্তি শৃংখলা চোৱাটোহে তেওঁৰ কাম- গগৈয়ে কয়।

অসমৰ প্ৰতি কৰা অন্যায়, অসমৰ ৰাইজৰ সংগ্ৰামী চেতনা আৰু আবেগক কেতিয়াও কোনো কাৰণতে বাধা দিব নোৱাৰে।এই আন্দোলনত জপিয়াই নপৰিলে অহা দিনত অসমৰ ভবিষ্যত অতি ভয়ংকৰ হ’ব- সভাপতি গগৈয়ে কয়।

Your Comments