মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ; আৰক্ষীক হিটলাৰী আখ্যা প্ৰতিবাদকাৰীৰ

A

নিউজ ডেস্ক:

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কৃষক মুক্তিৰ প্ৰতিবাদ।অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ।পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোচ্চাৰ কৃষক মুক্তি।মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটী ক্লাৱত কৃষক মুক্তিৰ প্ৰতিবাদ।

"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতাক বন্ধকত থৈছে।আজাদী কা' অমৃত মহোৎসৱৰ জৰিয়তে জনতাৰ যি দেশপ্রেম জগাই তুলিব বিচাৰিছে সেইদৰে মূল্যবৃদ্ধি ৰোধ কৰিও জনতাক সকাহ দিব লাগে"-এই দাবী কৃষক মুক্তিৰ।

বিজেপি হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগান প্রদান কৰে প্ৰতিবাদী জনতাই।আনহাতে প্ৰতিবাদকাৰীক দমন কৰে আৰক্ষী বৃহৎ বাহিনীয়ে।টানি-আজুৰি আটক কৃষক মুক্তিৰ এই সকল প্ৰতিবাদকাৰীক।আৰক্ষীৰ দমনক হিটলাৰী আখ্যা প্ৰতিবাদকাৰীৰ।

ইফালে অসম আৰক্ষী মুখ্যমন্ত্ৰী শৰ্মাৰ কথা মতে উঠা বহা কৰি গণতান্ত্ৰিক প্ৰতিবাদকাৰীক কুকুৰৰ দৰে আটক কৰিছে বুলিও কয় প্ৰতিবাদকাৰীয়ে।

Your Comments