
নিউজ ডেস্ক:
"জাতীয় পতাকাত ব্যৱসায় বুলি শব্দটো আহিলে মোৰ দুখ লাগে।জাতীয় পতাকাৰ সৈতে ব্যৱসায় শব্দ আহিব নালাগে।কিন্তু এতিয়া জাতীয় পতাকাৰ লগত ব্যৱসায় শব্দটো আহিছে"-এই মন্তব্য কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ।দিনত এটা আৰু ৰাতি বেলেগ এটা দাম হৈছে জাতীয় পতাকাৰ।জাতীয় পতাকাৰ আকাৰ, আকৃতিৰো বিকৃত হৈছে।ইয়াৰ দায়িত্ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ল’ব লাগিব।জাতীয় পতাকাক লৈ ব্যৱসায় কৰিব পাৰি নেকি বুলি প্ৰশ্ন কৰি সিকদাৰে কয়- কি কাৰণত আহিল জাতীয় পতাকাক লৈ ব্যৱসায় শব্দটো।জাতীয় পতাকা আমাৰ প্ৰাণৰো প্ৰাণ, ভাৰতীয় বাবে মান-গৌৰৱ।
ইফালে জাতীয় পতাকাক লৈ যিসকল ব্যক্তিয়ে ব্যৱসায় কৰিছে তেওঁলোকে দেশমাতৃক ভাল নাপায়, টকা লাগে ।টকাৰ বাবে পাগল বণিয়াসকলৰ বন্ধু কোন সকলোৱে জানে।টকাৰে বিশ্বত জিলিকা ভাৰতৰ বণিয়াসকলে যে জাতীয় পতাকা ব্যৱসায়ৰ লগত জড়িত।পতাকাক লৈ ব্যৱসায় বা খেলা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰো দাবী জনায় কংগ্ৰেছ বিধায়ক গৰাকীয়ে।
- Log in to post comments
- 8 views