আদৰ্শ বিদ্যালয়ৰ নামত মাচুল সংগ্ৰহ কৰি দৰিদ্ৰ পিতৃ-মাতৃ সন্তানৰ শিক্ষাক্ষেত্ৰত বাধাৰ সৃষ্টি নকৰিব- জাকিৰ হুছেইন সিকদাৰ

A

নিউজ ডেস্ক:

"আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ৩০০টকাকৈ মাচুল  ৰাজ্য চৰকাৰে সমগ্ৰ কৰিবলৈ লোৱা প্ৰসংগত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য।বিধায়কসকল আদৰ্শ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপদেষ্টা।চৰকাৰৰ ৰাজ ভঁড়ালত টকা নাই, অৰ্থনৈতিক সংকটত থকা চৰকাৰে অৰ্থনৈতিক সংকট জোৰা মাৰিবলৈ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা টকা সংগ্ৰহ কৰিব ওলাইছে'- সিকদাৰে কয়।

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে এই আদৰ্শ বিদ্যালয় স্থাপনৰ চিন্তা কৰিছিল।প্ৰতি ব্লকত এখনকৈ আদৰ্শ বিদ্যালয়ৰ স্থাপনৰ কৰাটো আছিল লক্ষ্য।য’ত আদৰ্শ বিদ্যালয়ত নাথাকিব কোনো ধৰণৰ সমস্যা বা অসুবিধা।কিন্তু বৰ্তমান আদৰ্শ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে নাই শিক্ষক।আদৰ্শ বিদ্যালয়ৰ শিক্ষমসকলৰ  আজি পৰ্যন্ত নহল নিয়মীয়াকৰণ- হুছেইনে কয়।

উল্লেখ্য যে আদৰ্শ বিদ্যালয়ৰ আন্তগাঁথনি, শিক্ষক, ছাত্ৰ -ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াব লাগে।তেনেধৰণৰ কথা চিন্তা নকৰি ছাত্ৰ-ছাত্ৰীৰ পৰা কিদৰে মাচুল আদায় কৰিব পাৰি সেই কথা চিন্তা কৰিছে।এইয়া ৰাজ্যখনৰ শিক্ষা ক্ষেত্ৰৰ বাবে ভাল কথা নহয়।গাঁৱলীয়া দুখীয়া পিতৃ -মাতৃৰ ছাত্ৰ-ছাত্ৰীৰ পৰা টকা পইচা বিচাৰি শিক্ষাৰ ক্ষেত্ৰত বাধা সৃষ্টি নকৰিবলৈ মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীক আহ্বান সৰুক্ষেত্ৰীৰ বিধায়ক গৰাকীৰ।

Your Comments