ঘগ্ৰাপাৰত ড০ পৰমানন্দ মজুমদাৰৰ ঐতিহ্য আৰু আধুনিকতা গ্ৰন্থ উন্মোচনী সভা

A

নিউজ ডেস্ক:
''সমাজত সফলতা অৰ্জন কৰিবলৈ হলে মানুহে শিপাৰ সৈতে সম্পৰ্ক ৰাখিব লাগিব।''এই মন্তব্য বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হাইস্কুল প্ৰাংগণত আজি দিনৰ ১০ বজাত  পূৱ নলবাৰী সাংস্কৃতিক পৰিষদ, ঘগ্ৰাপাৰৰ সহযোগত ড০ পৰমানন্দ মজুমদাৰৰ গ্ৰন্থ ঐতিহ্য আৰু আধুনিকতা উন্মোচন কৰি বিশিষ্ট সাংবাদিক হুছেইনে গ্ৰন্থ আন্দোলন গঢ়ি তুলিবলৈ বৌদ্ধিক সমাজে গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰি সমাজক সঠিক পথত  আগুৱাই নিবলৈ হ'লে গ্ৰন্থ অধ্যয়ন আৰু বৌদ্ধিকতা আনিব লাগিব। বিশিষ্ট সাংবাদিকগৰাকীয়ে নিজৰ ভাষণত কয় যে “অতীতত এই অঞ্চলত  বৰ্ণ বৈষম্যবাদ নাছিল,সাম্প্ৰদায়িক অতীতত নাছিল, আছিল মাথো সুকীয়া ঐতিহ্য। ঘগ্ৰাপাৰ অঞ্চল বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ অৱদান আছিল বুলি উল্লেখ কৰি প্ৰায়ত মাধৱ দত্ত চৌধুৰী, ৰেজেক আলী আদিৰ কথা আলোকপাত কৰে।সাংবাদিক গৰাকীয়ে ভাষণত গণতান্ত্ৰিক মুল‍্যবোধৰ চিন্তা-চৰ্চা অতীত চতমা সংস্কৃত শিক্ষাৰ কেন্দ্ৰস্থলীত চলিছিল বুলি সদৰী কৰে।লগতে সাংবাদিক গৰাকীয়ে ড০ পৰমানন্দ মজুমদাৰ এগৰাকী দায়িত্বশীল,ব‍্যতিক্ৰমী, প্ৰচাৰ বিমুখ মানুহ বুলি অভিহিত কৰে।”বিশিষ্ট সাংবাদিক গৰাকীয়ে আৰু কয় যে শিক্ষা বা জ্ঞানে হিংসা কৰিবলৈ নিশিকায়,শিক্ষা আৰু জ্ঞানে মানুহৰ মাজত সংযোগ ঘটায়,জাতি-ধৰ্ম-ভাষা পাহৰি ভাল সমাজ গঢ়িবলৈ প্ৰেৰণা যোগায়।সকলো শান্তি-সম্প্ৰীতি নিৰ্মাণৰ উৎস হৈছে গ্ৰন্থ।তেওঁ লগতে কয় যে ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা বাদ দি অসমীয়া সাহিত্য দুখীয়া।পৃথিৱীখন জয় কৰিব লৈ হলে ই‌ংৰাজী শিক্ষাৰ প্ৰয়োজনীতা নিতান্তই আছে।বিশিষ্ট সাংবাদিক গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে মানুহ হৈ জন্মিলে সমাজৰ হকে কাম কৰিবলৈ শিকিব লাগিব বুলি উল্লেখ কৰি স্বাধীনত্ব চিন্তাৰ পৰা মুক্ত নহলে সমাজ এখনৰ উন্নতি অসম্ভৱ বুলিও মন্তব্য কৰে।বিশিষ্ট সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষাবিদ হাচিম আলীয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে পুৱ নলবাৰী সাংস্কৃতিক পৰিষদৰ সম্পাদক প্ৰভাত শৰ্মাই।সভা ড০ পৰমানন্দ মজুমদাৰ শাহুকে তথা বয়োষ্ঠ সুকণ্ঠি গায়িকা সুদক্ষিনা শৰ্মা ই উপস্থিত থাকি দুটা কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে।সভাত প্ৰয়াত মাধৱ দত্ত চৌধুৰীৰ পুত্র  তপন দত্ত চৌধুৰীয়ে ভাষণ দিয়ে।সভাত ড০ পৰমানন্দ মজুমদাৰে তেওঁৰ সপোন এটি পুৰণ হল বুলি মন্তব্য কৰি সভা উপস্থিত থকা ৰাইজক ধন্যবাদ প্ৰদান কৰে।সভাত অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে।সভাত পুৱ নলবাৰী সাংস্কৃতিক পৰিষদৰ পৰা বিশিষ্ট গায়িকা সুদক্ষিনা শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Your Comments