মডেল স্কুলত ৩০০টকাকৈ মাচুল লোৱা চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা ৰাইজ দলৰ

A

নিউজ ডেস্ক:

ৰাজ্য চৰকাৰে স্থাপন কৰা মডেল স্কুলত  ছাত্ৰ- ছাত্ৰীৰ পৰা  মাহিলী ৩০০টকাকৈ মাচুল লোৱা সিদ্ধান্তৰ বিৰোধিতা ৰাইজৰ দলৰ।চি বি এছ চিৰ অধীনত স্থাপন হ’ব লগা এই মডেল স্কুলত মাহিলী মাচুল ৩০০টকাকৈ লোৱাৰ কথা প্রকাশ পোৱাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে ৰাইজৰ দল।চৰকাৰে ভাৰতীয় সংবিধান আৰু শিক্ষা অধিকাৰ আইনৰ বিৰুদ্ধে অৱস্থান কৰিছে।চৰকাৰে শিক্ষাৰ অধিকাৰ খৰ্ব কৰি ছাত্ৰ-ছাত্ৰীৰ ওপৰত মাচুল জাপি দিয়া সিদ্ধান্ত সমৰ্থনযোগ্য নহয়।শিক্ষা ব্যৱস্থাক ব্যক্তিগতকৰণৰ অন্যতম ভয়ংকৰ পদক্ষেপ।বিবৃত্তিৰ জৰিয়তে ৰাইজৰ দলে কয় যে- এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিব লাগে চৰকাৰে।অসমবাসীৰ লগতে দল সংগঠন সমূহক ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰাৰ আহ্বান ৰাইজৰ দলৰ।

Your Comments