
নিউজ ডেস্ক:
বুৰঞ্জীৰ প্ৰতি অসমবাসী আগ্ৰহী হ’ব লাগে।অহা বৰ্ষৰ পৰা বুৰঞ্জী বাধ্যতামূলক হ'ব শিক্ষানুষ্ঠানত।অষ্টম শ্রেণীৰ পৰা দশম শ্রেণীলৈ ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলক ভাৱে পঢ়িব লাগিব বুৰঞ্জী বিষয়।নতুন বুৰঞ্জীৰ বিষয় আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।আজি জনতা ভৱনত মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী প্ৰসিদ্ধ গ্ৰন্থ খন উন্মোচন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়- মৰাণ জনগোষ্ঠীক এক সুকীয়া পৰিচয় প্ৰদান কৰিব এই গ্ৰন্থখনে।
ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয়-ভাড়াঘৰত জি এছ টিৰ প্ৰসংগক লৈ মই অজ্ঞাত।জিএছটিক লৈ বহুসময়ত অযথা বিতৰ্ক হয়।চাউলৰ জি এছ টিক লৈ বিতৰ্ক হৈছিল।চাউলৰ জিএছটি ক'ত লাগিছে মই দেখা নাই।আনহাতে যদি ক’ৰবাত চাউলৰ জিএছটি লগা খবৰ পায় মোক খবৰ দিব- মুখ্যমন্ত্ৰীয়ে কয়।
- Log in to post comments
- 8 views