
নিউজ ডেস্ক:
"উগ্ৰপন্থীৰ ঘাটি হৈ পৰিছে মাদ্ৰাছা।এনেধৰণৰ পৰিৱেশ হৈ থাকিলে চৰকাৰী মাদ্ৰাছাৰ দৰে ব্যক্তিগত মাদ্ৰাছাও বন্ধ হ’ব"- এই মন্তৱ্য বিধায়ক দিগন্ত কলিতাৰ।মাদ্ৰাছাত পঢ়ি ডাক্তৰ-ইঞ্জিনীয়াৰ নে আই এছ অফিচাৰ হৈছে?এটা সময় আছিল মাদ্ৰাছাত ভাল সংস্কৃতি আছিল, কিন্তু এতিয়া এই পৰিৱেশ নাই।
"মাদ্ৰাছাত যি পঢ়াই কব লগা নাই কিন্তু তাৰ পৰা কি উৎপত্তি হৈছে!মাদ্ৰাছা চলোৱাত আপত্তি নাই কিন্তু জেহাদী ধৰাক লৈ মাদ্ৰাছাৰ সম্পৰ্ক কি? মাদ্ৰাছাত জেহাদীৰ কথা কলে AIUDFৰ বিধায়ক জাঙুৰ খায়"- কলিতাই কয়।বৰ অসমৰ অসমীয়া ঠাইলৈ AIUDF গলে লেই-লেই-চেই-চেই হ'ব।বৰ অসমৰ অসমীয়াৰ আগত মাদ্ৰাছা সপক্ষে কথা কওঁক AIUDFয়ে -প্ৰত্যাহ্বান জনাই তেওঁ কয়।
আনহাতে ভাৰতীয় জনতা পাৰ্টী থকালৈকে AIUDFয়ে সপোনতো সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয়- অসমীয়া ভাষা শুদ্ধ কৈ ক'ব নজনা ব্যক্তিয়ে অসমক প্রতিনিধিত্ব কৰিব আহিছে।যাৰ মাতৃভাষা অসমীয়া নহয় তেওঁহে অসমীয়া প্ৰতিনিধিত্ব কৰিব।ইফালে Aiudfয়ে চৰকাৰ গঠন কৰিব পাৰিব কিন্তু অসমত নহয় বাংলাদেশত৷
অন্যহাতে বহু কংগ্ৰেছী বিধায়কৰ মন ভাঙি পৰিছে। কংগ্ৰেছত থাকি কাম কৰা মানসিকতা নাই।কংগ্ৰেছ দলত আছে কোন?সেনাপতি নাই কংগ্ৰেছত।ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ সফল হ'ব বুলি নাভাবোঁ।নিজে নিজক সমালোচনা কৰিব লাগে বৰাই - বিধায়ক জনে লগতে কয়।
- Log in to post comments
- 7 views