গুৱাহাটীত তৃণমূল মহিলা কংগ্ৰেছৰ প্ৰতিবাদ, হৰ ঘৰ চাকৰি প্ৰদান কৰক চৰকাৰে

A

নিউজ ডেস্ক:

কেন্দ্ৰীয় চৰকাৰে নিত্যব্যৱহাৰ্য্য সামগ্ৰীত আৰোপ কৰা জিএছটিৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ।খাদ্য সামগ্ৰীকে   ধৰি প্ৰায়সমূহ সামগ্ৰীৰ নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম মহিলা তৃণমূল কংগ্ৰেছে বুধবাৰে দীঘলীপুখুৰীৰ সন্মুখত সাব্যস্ত প্ৰতিবাদী কাৰ্যসূচী।কাঁহী- বাতি বজায় প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি হায় হায়, বিজেপি চৰকাৰ গ'বেক, মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হুচিয়াৰ , খাদ্য সমগ্ৰীৰ ওপৰত আৰোপ কৰা জি এছ টি প্ৰত্যাহাৰ কৰক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।প্ৰতিবাদী কাৰ্যসূচীত অংশলৈ চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে মহিলা তৃণমূল কংগ্ৰেছ কর্মী সকলে।১২০০টকীয়া অৰুনোদয় প্ৰদান কৰি জিএচটি বঢ়াই একোখন ঘৰৰ পৰা ১২হাজাৰ টকা কাঢ়ি লৈছে। আমাক আঁচনি নালাগে ৷চৰকাৰে জি এচ টি উঠাই দিব লাগে।জনসাধাৰণে আচ্ছে দিন বিচাৰিছিল।হৰ ঘৰ তিৰংগাৰ দৰে হৰ ঘৰ চাকৰি দিয়ক।তেতিয়াহে কব পাৰিম বিজেপি চৰকাৰ জনসাধাৰণৰ চৰকাৰ বুলি।
আনহাতে ৰিপুণ বৰাই কয় চৰকাৰে মাক্ৰ’ফাইনেঞ্চৰ  আচনিৰ অজুহাত দেখুৱাই মূল্যবৃদ্ধি কৰিছে।বহুতো মহিলা অৰুণোদয় আঁচনি লাভৰ পৰা বঞ্চিত হৈছে। হাজাৰ গৰাকী মহিলাৰ চৌকা জ্বলা নাই।

Your Comments