মৰিয়নীত একে পৰিয়ালৰ তিনি সদস্যক নৃশংস হত্যা

A

নিউজ ডেস্ক:

যোৰহাট মৰিয়নিত লোমহৰ্ষক হত্যাকাণ্ড।একেটা পৰিয়ালৰ তিনি গৰাকী লোকক হত্যা দুৰ্বৃত্তৰ।নিশা সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনাটো।উল্লেখ্য যে,স্বামী-পত্নী আৰু কন্যাক হত্যা কৰে দুৰ্বৃত্তই।মৰিয়নী খাটিছোনৰ সোণটি বৰাৰ লগতে তেওঁৰ পত্নী-কন্যাক দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰে ।গুৰুত্বপূৰ্ণ কথা এই যে ইটা ভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল পৰিয়ালটো।খবৰ মতে পৰিয়ালটোৱে ইটাভাটাটো ৰখীয়া হিচাপে আছিল।ইফালে কোনে কি কাৰণত হত্যা কৰিলে সেয়া বর্তমানো ৰহস্যৰ আৱৰ্তত।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Your Comments