হিন্দী চলচ্চিত্ৰ জগতৰ যশস্বী পৰিচালক তথা প্ৰযোজক কল্পনা লাজমী আৰু নাই । দীৰ্ঘদিনীয়া অসুস্থতাৰ আজি পুৱা ৪-৩০ বজাত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
বৃক্কৰ ৰোগত আক্রান্ত কল্পনা লাজমীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৪ বছৰ । মহিলাৰ জীৱনক লৈ নিৰ্মাণ কৰা ছৱিৰ বাবে বিখ্যাত হৈ পৰিছিল লাজমী । 'ৰুদালি'ৰ উপৰি তেওঁৰ আন কেইখনমান বিখ্যাত ছৱি হ'ল 'এক পল', 'দমন' আদি ।
'সুধাকণ্ঠ' ড: ভূপেন হাজৰিকাৰ দীৰ্ঘদিনীয়া সংগীৰূপে পৰিচিত কল্পনা লাজমীয়ে প্ৰায় ২৫ বছৰ পূৰ্বে ছৱি জগতত প্ৰৱেশ কৰে । প্ৰথিতযশা ছৱি নিৰ্মাতা শ্যাম বেনেগালৰ সৈতে তেওঁ কেৰিয়াৰৰ পাতনি মেলিছিল ।
আজি দিনৰ ১২-৩০ বজাত মুম্বাইত শেষকৃত্য সম্পন্ন হ'ব কল্পনা লাজমীৰ । তেওঁৰ মৃত্যুত ছনী ৰাজদান,দেৱ বেনেগাল,হোমা কুৰেছীকে ধৰি মুম্বাইৰ চলচ্চিত্ৰ জগতৰ বিভিন্নজনে শোক প্ৰকাশ কৰিছে ।
- Log in to post comments
- 50 views