দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান : নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত বিনামূলীয়া চিটি স্কেন

দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান : নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত বিনামূলীয়া চিটি স্কেন

মধ্য অসমৰ একমাত্ৰ বৃহৎ চিকিৎসালয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিনীয়া এক সমস্যাৰ আজিৰে পৰা ওৰ পৰিছে । আজি চিকিৎসালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ''মুখ্য মন্ত্ৰীৰ বিনামূলীয়া  চিটি স্কেন সেৱা" আঁচনিৰ অধীনত চিটি স্কেন সেৱাৰ শুভাৰম্ভ কৰা হয় ।

তদুপৰি, একেটা অনুষ্ঠানতে অসমৰ চৰকাৰৰ "বিনামূলীয়া ৰোগ নিৰ্ণায়ক" সেৱাৰো শুভ উদ্বোধন কৰা হয় । এই সেৱা দুটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়কগৰাকীয়ে কয়- অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজৰ চিকিৎসাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ বাবে বহুকেইটা ৰোগৰ বিনামূলীয়া চিকিৎসা আৰু পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ৰাইজক তেওঁ এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ, অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, চিকিৎসালয়খনৰ অধীক্ষক ডাঃ জিয়াউৰ আহমেদকে ধৰি ভালেকেইজন বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

উল্লেখ্য, স্বাস্থ্য বিভাগে যোগান ধৰা চিটি স্কেনৰ এই মূল্যৱান যন্ত্ৰটো চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ আছিল । এই সম্পৰ্কে তথ্যসহকাৰে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছত যোৱা ৫ ছেপ্টেম্বৰত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাই আকস্মিক পৰিদৰ্শন কৰি কেতবোৰ অনিয়মৰ তথ্যৰ লগতে চিকিৎসকৰ অনিয়মীয়া উপস্থিতি ধৰা পেলাইছিল ।

তদুপৰি, দীৰ্ঘদিন ধৰি অব্যৱহৃত চিটি স্কেন মেচিনটো অতি শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল । যাৰবাবে আজি এই চিটি স্কেন সেৱাটো আৰম্ভ কৰা হয় ।

Your Comments