লংকাৰ কাকীত আৰক্ষীৰ অভিযানত চুৰি কাৰ্য্যত ব্যৱহৃত সামগ্ৰী সহ আটক দুই গভাইত চোৰ

A

নিউজ ডেস্ক:

লংকাৰ কাকীত আৰক্ষীৰ অভিযানত চুৰি কাৰ্য্যত ব্যৱহৃত সামগ্ৰী সহ আটক দুই গভাইত চোৰ।
চোৰ দুটাৰ নাম ক্ৰমে ইজাবুল হক আৰু বাবুলা আলী ৷উল্লেখ্য যে, কিছু দিনৰ পৰা  চোৰ দুটাই কাকীৰ বিভিন্ন অঞ্চলত থকা ঐতিহাসিক কেইবাটাও মন্দিৰ আৰু নামঘৰত লুটপাত কৰি চলাই আছিল সন্ত্ৰাস । 
কাকী আৰক্ষী থানাত ৮ এপ্ৰিল তাৰিখে ৩৭/২২ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিডিত কাকী আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই চোৰক। 
আনহাতে, কাকী আৰক্ষীয়ে যোৱা ১২ এপ্ৰিল তাৰিখে উদ্ধাৰ কৰিছিল নামঘৰ আৰু মন্দিৰৰ চুৰি হোৱা সামগ্রীসমূহ  ৷লগতে বয়-বস্তু খিনি ক্ৰয় কৰা জালালউদ্দিন নামৰ আন এজনকো আটক কৰে আৰক্ষীয়ে ৷

Your Comments

Related Articles